
কোকৰাঝাৰ, ১১ জুন (হি.স.)। ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু শ্ৰীৰামপুৰ মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ সহযোগত আজি বি টি চিৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ ছেৰফাংগুৰী মোক্তাৱ এল পি স্কুলত স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ যোৱা ৮ জুনৰ পৰা বিজেপি দলৰ কোকৰাঝাৰ জিলা সংখ্যালঘু মৰ্চাৰ উদ্যোগত স্বচ্ছতা অভিযান আৰম্ভ হোৱা আজি দ্বিতীয়টো কাৰ্যাসূচীৰ জৰিয়তে ছেৰফাংগুৰী এল পি স্কুলৰ চৌদিশে পৰিস্কাৰ পৰিচ্ছন্নতাৰে ছাফাই অভিযান চলায়৷
ছাফাই অভিযানত বি টি চিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য সজল সিংহই অংশ গ্ৰহন কৰি কয় যে ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে যেতিয়াৰ স্বচ্ছতা অভিযান আৰম্ভ কৰিছে তেতিয়াৰ পৰাই ভাৰতবৰ্ষত পৰিস্কাৰ পৰিচ্ছন্নতাৰ এটা পৰিৱেশ গঢ় লৈ উঠিছি৷ এনেকি আমিও পৰিস্কাৰ পৰিচ্ছন্নতাৰ পৰিৱেশ লাভ কৰি এতিয়া ক’ত বা লেতেৰা পৰিৱেশ চকু পৰিলে বিবেকত বেয়া লাগে৷ সেয়া আঁতৰাৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা হয়৷
আজি মোৰ পূৰণা সমষ্টি শ্ৰীৰামপুৰৰ ছেৰফাংগুৰী মোক্তাব এল পি স্কুলৰ চৌদিশে ছাফাই অভিযান কৰা হ’ল৷ যিহেতু মোৰ এইটো পুৰণা সমষ্টি ইয়াত আহিলে মোৰ ভাল লাগে বুলিও উল্লেখ কৰে জনদৰদী নেতাজনে৷ তেও আৰু কয় যে বিদ্যালয়ত আহি ছাফাই অভিযান কৰাৰ উদ্দেশ্য হৈছে স্কুলৰ ছাত্ৰ ছাত্ৰী সকলেও লেতেৰা পৰিৱেশৰ পৰা মুক্ত। পৰিৱেশত থকাৰ বাবে পৰিস্কাৰ পৰিচ্ছন্নতাৰ বাবে ছাফাই অভিযান যে অতি জৰুৰি সেই সম্পৰ্কত জ্ঞান দিয়াৰ বাবে স্কুলত স্বচ্ছতা অভিযান কাৰ্যসূচী লোৱা বুলিও সদৰী কৰে৷
নেতা গৰাকী ছাত্ৰ ছাত্ৰী সকলৰ সৈতে মতবিনিময় কৰা পৰিলক্ষিত হয়৷ বিজেপি দলৰ কাৰ্যকৰ্তা সকলে সদায় ৰাইজৰ স্বাৰ্থত কাম কৰি আছে৷ কেতিয়াও বহি নাথাকে৷ বি টি চিত ২০৩০ চনত বিজেপি দলৰ চৰকাৰ আহিব বুলিও প্ৰাক্তন ই এম সিংহই অতি আত্ম বিশ্বাসৰ সৈতে সদৰী কৰে৷ স্বচ্ছতা অভিযানৰ কাৰ্যসূচীত বিজেপি দলৰ কোকৰাঝাৰ জিলা সমিতিৰ সম্পাদক ৰাহুল নাৰ্জাৰী, কোকৰাঝাৰ জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি আসান আলী,আহ্বায়ক আব্দুৰ ৰহিম, শ্ৰীৰামপুৰ মণ্ডল বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি ৰুইচ আহমেদ,সাধাৰণ সম্পাদক ছমিৰ জালালৰ লগতে অনেকে অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয়৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ