তেজপুৰত অসমীয়া ক্লাবৰ উদ্যোগত আৰু শংকৰা কেন্সাৰ গৱেষণা কেন্দ্ৰৰ বিশেষ সজাগতা অনুষ্ঠান
–তেজপুৰতেই কৰ্কট ৰোগ নিৰাময়ৰ বাবে সকলো সুবিধা উপলব্ধ –বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ ভেংকট প্ৰদীপ বাবু কয়লাৰ লগতে তিনি চিকিৎসকৰ সজাগতা শোণিতপুৰ, ১১ জুন (হি.স.)। তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ উদ্যোগত আৰু শংকৰা কেন্সাৰ আৰু গবেষণা কেন্দ্ৰৰ
তেজপুৰত অসমীয়া ক্লাবৰ উদ্যোগত আৰু শংকৰা কেন্সাৰ গৱেষণা কেন্দ্ৰৰ বিশেষ সজাগতা অনুষ্ঠান


–তেজপুৰতেই কৰ্কট ৰোগ নিৰাময়ৰ বাবে সকলো সুবিধা উপলব্ধ –বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ ভেংকট প্ৰদীপ বাবু কয়লাৰ লগতে তিনি চিকিৎসকৰ সজাগতা

শোণিতপুৰ, ১১ জুন (হি.স.)। তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ উদ্যোগত আৰু শংকৰা কেন্সাৰ আৰু গবেষণা কেন্দ্ৰৰ সহযোগত কালি ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত স্বাস্থ্য সজাগতা শীৰ্ষক এক বিশেষ অনুষ্ঠান সম্পন্ন হয় । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাবে বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ ডা° ভেংকট প্ৰদীপ বাবু কয়লা, বিশিষ্ট অতিথি হিচাবে ডা০ পাৱনি মেদিছেট্টি, ডা° প্ৰিয়াক্ষী বৰকটকী ভট্টাচাৰ্য আৰু দেবজিৎ কলিতাই অংশগ্ৰহন কৰে ।

ক্লাবৰ ফালৰ পৰা অতিথি বৃন্দক সভাপতি পংকজ কুমাৰ বৰা,সদ্য প্ৰাক্তন সভাপতি অৰুণা দেৱী, উপ সভাপতি অনু দেৱী মহন্ত, কোষাধ্যক্ষ ড° ৰণেন্দ্ৰ মোহন ডেকাই গামোচা স্মাৰকৰে সন্মান জনায় । সভাত সভাপতিয়ে আদৰণি ভাষন ৰখাৰ পাছত মুখ্য অতিথি ডা°ভেংকট প্ৰদীপ বাবু কয়লাই কেন্সাৰ ৰোগ প্ৰতিষেধক আৰু এই ৰোগ নিৰাময়ৰ সুবিধা সমূহৰ বিষয়ে বিতং ভাবে কয় আৰু এই ৰোগ নিৰাময়ৰ ব্যৱস্থা, পৰীক্ষা নিৰীক্ষাৰ বৰ্তমান তেজপুৰতে যে সকলো সুবিধা পাব পৰা হৈছে এই বিষয়ত অৱগত কৰে।

ডা° প্ৰিয়াক্ষী বৰকটকী ভট্টাচাৰ্য আৰু দেবজিৎ কলিতাই শংকৰা কেন্সাৰ আৰু গবেষণা কেন্দ্ৰই কেন্সাৰ ৰোগৰ ৰোগী সকলক কেনেদৰে সহায় আগবঢ়াই আহিছে আৰু এই অনুষ্ঠানৰ যোগেদি কি কি সুবিধা লাভ কৰিব পাৰি এই সম্পৰ্কত বহলাই ব্যাখ্যা আগবঢ়ায়। সম্পাদক ভূপেন শৰ্মাই আঁত ধৰা অনুষ্ঠানত উপস্থিত থকা তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা দেৱকো জাতীয় বস্ত্ৰৰে সম্ভাষন জনোৱা হয়। শেষত শলাগৰ শৰাই আগবঢ়ায় ড°ৰণেন্দ্ৰ মোহন ডেকাই ।

উপস্থিত থকা দৰ্শক বৃন্দই এই অনুষ্ঠানৰ যোগেদি যথেষ্ট উপকৃত হোৱা বুলি মত ব্যক্ত কৰে আৰু এনে অনুষ্ঠানৰ আয়োজনৰ বাবে অসমীয়া ক্লাব তেজপুৰক ধন্যবাদ জনায়।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande