কেনাৰা বেংক আৰু বেংক অৱ বৰোডাই বঢ়ালে এমচিএলআৰৰ হাৰ, ১২ জুনত কাৰ্যকৰী
নতুন দিল্লী, ১১ জুন (হি.স.)। ব্যক্তিগত খণ্ডৰ এইচডিএফচি বেংকৰ পিছতে ৰাজহুৱা খণ্ডৰ দুটা প্ৰধান বেংক কেনাৰা বেংক আৰু বেংক অৱ বৰোদাই নিজৰ প্ৰান্তীয় খৰচভিত্তিক ঋণৰ হাৰ (এমচিএলআৰ) ০.০৫ শতাংশ বৃদ্ধি কৰিছে । দুয়োটা বেংকৰ বাবে নতুন এমচিএলআৰ হাৰ ১২ জুনত কা
केनरा बैंक के लोगो का प्रतीकात्मक चित्र


নতুন দিল্লী, ১১ জুন (হি.স.)। ব্যক্তিগত খণ্ডৰ এইচডিএফচি বেংকৰ পিছতে ৰাজহুৱা খণ্ডৰ দুটা প্ৰধান বেংক কেনাৰা বেংক আৰু বেংক অৱ বৰোদাই নিজৰ প্ৰান্তীয় খৰচভিত্তিক ঋণৰ হাৰ (এমচিএলআৰ) ০.০৫ শতাংশ বৃদ্ধি কৰিছে । দুয়োটা বেংকৰ বাবে নতুন এমচিএলআৰ হাৰ ১২ জুনত কাৰ্যকৰী হ’ব।

বৃহস্পতিবাৰে কেনাৰা বেংকে ঘোষণা কৰে যে এমচিএলআৰ এতিয়া ২৪ ঘণ্টাৰ বাবে ৭.৯৫ শতাংশ, ১ মাহৰ বাবে ৮ শতাংশ, ৩ মাহৰ বাবে ৮.২৫ শতাংশ, ৬ মাহৰ বাবে ৮.৬০ শতাংশ, ১ বছৰৰ বাবে ৮.৭৫ শতাংশ (কোনো পৰিৱৰ্তন নাই), ২ বছৰৰ বাবে ৯.০০ শতাংশ, আৰু ৩ বছৰৰ বাবে ৯.০৫ শতাংশলৈ বৃদ্ধি পাব। এমচিএলআৰৰ ৰেট বৃদ্ধিয়ে গ্ৰাহকৰ বাবে ঋণ লোৱাটো অধিক ব্যয়বহুল কৰি তুলিব।

বেংক অৱ বৰোডাই বিভিন্ন টেনৰৰ বাবে ০.০৫ শতাংশ বৃদ্ধি কৰিছে এমচিএলআৰ ৰেট। বেংকৰ তথ্য অনুসৰি এতিয়া এমচিএলআৰৰ হাৰ ৭.৮০ শতাংশৰ পৰা ৭.৮৫ শতাংশলৈ বৃদ্ধি পাব। ২৪ ঘণ্টাৰ বাবে এতিয়া এমচিএলআৰ ৭.৮৫ শতাংশ, এমাহৰ বাবে ৭.৯৫ শতাংশ, তিনি মাহৰ বাবে ৮.২০ শতাংশ, ছমাহৰ বাবে ৮.৫০ শতাংশ, আৰু এবছৰৰ বাবে ৮.৭৫ শতাংশ হ’ব । বেংক অৱ বৰোদাৰ এমচিএলআৰ হাৰ বৃদ্ধিয়ে হোম লোন, অটো লোন, আৰু অন্যান্য ফ্লটিং ৰেট লোনৰ সুতৰ হাৰত প্ৰভাৱ পেলাব পাৰে।

এমচিএলআৰ কি?

এমচিএলআৰ হৈছে সেই ভিত্তি হাৰ যাৰ ওপৰত বেংকে তেওঁলোকৰ বেছিভাগ ঋণৰ সুতৰ হাৰ নিৰ্ধাৰণ কৰে। এই বেংকসমূহৰ সিদ্ধান্তই গ্ৰাহকৰ গৃহ ঋণ, বাহন ঋণ, আৰু ব্যক্তিগত ঋণৰ মাহিলী কিস্তিত প্ৰভাৱ পেলাব পাৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে একেৰাহে দ্বিতীয়বাৰৰ বাবে ৰেপো ৰেট অপৰিৱৰ্তিত ৰখাৰ পিছতে কেনাৰা বেংক আৰু বেংক অৱ বৰোদাৰ এই পদক্ষেপ। বৰ্তমান ৰেপ’ ৰেট অপৰিৱৰ্তিত হৈ আছে ৫.২৫ শতাংশ।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande