বৈঠালাংছʼ আৰক্ষী থানাৰ অন্তৰ্গত বৈঠালাংছʼ মাইচাম বালিকা মধ্য ইংৰাজী বিদ্যালয়ত দুষ্কৃতিকাৰীৰ তাণ্ডৱ
পশ্চিম কাৰ্বি আংলং, ১১ জুন (হি.স.)। শিক্ষাৰ পবিত্ৰ মন্দিৰত নিশা দুষ্কৃতিকাৰীৰ তাণ্ডৱ। পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼ আৰক্ষী থানাৰ অন্তৰ্গত বৈঠালাংছʼ মাইচাম বালিকা মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ উপদ্ৰৱৰ ঘটনা। যোৱা নিশা কোনো অজ্ঞ
বৈঠালাংছʼ আৰক্ষী থানাৰ অন্তৰ্গত বৈঠালাংছʼ মাইচাম বালিকা মধ্য ইংৰাজী বিদ্যালয়ত দুষ্কৃতিকাৰীৰ তাণ্ডৱ


পশ্চিম কাৰ্বি আংলং, ১১ জুন (হি.স.)। শিক্ষাৰ পবিত্ৰ মন্দিৰত নিশা দুষ্কৃতিকাৰীৰ তাণ্ডৱ। পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼ আৰক্ষী থানাৰ অন্তৰ্গত বৈঠালাংছʼ মাইচাম বালিকা মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ উপদ্ৰৱৰ ঘটনা। যোৱা নিশা কোনো অজ্ঞাত দুষ্কৃতিকাৰীৰ দলে বিদ্যালয় খনৰ সুৰক্ষিত পৰিৱেশক প্ৰত্যাহ্বান জনাই চলাই এই সন্ত্ৰাস। চোৰ বা দুষ্কৃতিকাৰীৰ দলটোৱে কাৰ্যালয় কক্ষৰ ভেন্টিলেটৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে। কেৱল সামগ্ৰী লুট কৰাই নহয়, বৰঞ্চ একপ্ৰকাৰৰ তাণ্ডৱ চলাই কাৰ্যালয়ৰ গাম্ভীৰ্য সম্পূৰ্ণৰূপে নষ্ট কৰে দুষ্কৃতিকাৰীয়ে।

চৰকাৰী তথা গুৰুত্বপূৰ্ণ নথি-পত্ৰ থকা লোৰ গোডৰেজ আলমাৰীটো জোৰ জবৰদস্তি ভাঙি পেলায় আৰু ছাত্ৰী সকলৰ বাবে ৰখা বিদ্যালয়ৰ পোচাক আৰু অন্যান্য সামগ্ৰী সমূহো ফালি-ছিঙি লণ্ডভণ্ড কৰে। আজি পুৱা বিদ্যালয় কৰ্তৃপক্ষই কাৰ্যালয় কক্ষ খোলাৰ পিছতহে এই অনাকাংক্ষিত ঘটনাটো পোহৰলৈ আহে। ঘটনা সন্দৰ্ভত বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী দুলমণি ভূঞাই বৈঠালাংছʼ আৰক্ষী থানাত ইতিমধ্যে এখন আনুষ্ঠানিক এজাহাৰ দাখিল কৰিছে। শিক্ষাৰ দৰে এক পবিত্ৰ স্থানত নিশাৰ অন্ধকাৰৰ সুযোগ লৈ সংঘটিত হোৱা এনে দুষ্কাৰ্যই এতিয়া সচেতন ৰাইজৰ মাজতো তীব্ৰ ক্ষোভৰ উদ্গিৰণ ঘটাইছে। ইতিমধ্যে বৈঠালাংছʼ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু স্থানীয় ৰাইজে দোষী ব্যক্তিক অতি শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande