
বঙাইগাঁও, ১১ জুন (হি.স.): বঙাইগাঁৱত অভিভাৱক মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে যোৱা কালি বুধবাৰে বিয়লি বিভিন্ন কাৰ্যসূচীৰে উপস্থিত থাকে ৷ মা বাঘেশ্বৰীৰ আশীৰ্বাদ লৈ বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰতিটো বিভাগৰ বিভাগীয় বিষয়া সকলক লৈ পৰ্যালোচনা সভাত ভাগ লয় বঙাইগাঁও জিলাৰ নৱনিযুক্ত অভিভাৱক মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে।
সভাৰ অন্তত সংবাদমাধ্যমৰ মুখামুখি হৈ মন্ত্ৰী গৰাকীয়ে কয় যে আগন্তুক দিনত বঙাইগাঁও জিলাক অধিক উন্নত কৰাৰ স্বাৰ্থত তেওঁ কাম কৰি যাব । বঙাইগাঁৱত আগন্তুক বান পৰিস্থিতি মোকবিলা কৰাৰ বাবে কাম কৰিব বঙাইগাঁও জিলা প্ৰশাসনে । বঙাইগাঁৱত বেদখল হৈ থকা ভূমিত পুনৰ উচ্ছেদ চলিব বুলিও মন্তব্য় কৰে। লগতে জিলাখনত নতুন উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰত বিশেষ ব্যবস্থা কৰা হ’ব বুলি মন্তব্য আগবঢ়ায় । ইফালে বঙাইগাঁও জিলাত নিম্নগামী হোৱা শিক্ষা ব্যৱস্থা অহা ৬ মাহৰ ভিতৰত উন্নত কৰা হ’ব বুলিও তেওঁ কয় ৷
আনহাতে, মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে বঙাইগাঁও শ্বহীদ বেদীৰ সমীপতে থকা এটি নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰি আবাসীসকলৰ সৈতে মত বিনিময় কৰে ৷ নিচামুক্তি কেন্দ্ৰটোৰ লেতেৰা পৰিবেশ দেখি তেখেতে ক্ষোভিত হৈ পৰে ৷ কোনোধৰণৰ চৰকাৰী অনুদান লাভ নকৰা নিচামুক্তি কেন্দ্ৰটোলৈ অনুদান আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ