এইবাৰ পিতৃতুল্য বৰদেউতাকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ ভতিজাকৰ
এইবাৰ পিতৃতুল্য বৰদেউতাকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ ভতিজাকৰ।
এইবাৰ পিতৃতুল্য বৰদেউতাকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ ভতিজাকৰ


নগাঁও, ১১ জুন (হি.স.): নগাঁৱত এইবাৰ পিতৃতুল্য বৰদেউতাকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উঠিছে। স্বয়ং ভতিজাকে উত্থাপিত কৰিছে এই অভিযোগ । ইয়াৰ ন্যায় বিচাৰি নগাওঁ ননৈ আৰক্ষী পহৰা চকীত শতাধিক পুৰুষ মহিলাই অৱস্থান কৰে ।এগৰাকী কিশোৰীক ধৰ্ষণৰ অভিযোগত কালি সন্ধিয়া ননৈ আৰক্ষী চকীত উপস্থিত হয় ননৈৰ ৰাইজ।

ননৈ নাথ গাঁৱৰ ৫৮ বছৰীয়া প্ৰদীপ নাথ নামৰ লোকজনে নিজ ভতিজাকক ধৰ্ষণৰ অভিযোগ তোলে কিশোৰী গৰাকীৰ মাতৃৰ লগতে স্থানীয় ৰাইজে । এই ঘটনা গাপ দিবলৈ অভিযুক্ত প্ৰদীপ নাথে কিশোৰী গৰাকীৰ লগতে পৰিয়ালকো প্ৰাণে মৰাৰ ভাবুকি প্ৰদানৰ অভিযোগ তোলে কিশোৰী গৰাকীৰ মাতৃয়ে । এই ঘটনা পোহৰলৈ অহাৰ লগে লগে স্থানীয় ৰাইজে নামঘৰত মেল দি আৰক্ষীৰ কাষ চাপে।সভ্য সমাজক লজ্জানত কৰা ঘটনাই ৰাইজক ক্ষভিত কৰি তোলে ।

ননৈ আৰক্ষী চকীত স্থানীয় ৰাইজে উপস্থিত হৈ দোষীক শাস্তি দিয়ক, দোষীক ফাঁচী দিয়ক বুলি দাবী তোলে । আনহাতে ৰাইজৰ মেলৰ খবৰ পাই পুৱাই আহি অভিযুক্ত প্ৰদীপ নাথ আৰক্ষী চকীত উপস্থিত হৈ এই অভিযোগ খণ্ডন কৰে । ইপিনে মাতৃ গৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰদীপ নাথক আটক কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande