
বৰপেটা, ১১ জুন (হি.স.)।
বৰপেটাৰ সত্ৰীয়া সংগীত শিল্পী ভাস্কৰ জ্যোতি ওজালৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা |
বৰপেটা সত্ৰৰ 'সত্ৰীয়া ওজা-পালি' পৰম্পৰাৰ চতুৰ্থ প্ৰজন্মৰ অসাধাৰণ প্ৰতিভাবান শিল্পী ভাস্কৰ জ্যোতি ওজা তবলাৰ বিশাৰদ আৰু খোলৰ গুৰু হিচাপে প্ৰখ্যাত ।
হোলী গীতৰ ৰচক, সুৰকাৰ তথা ঢোলকৰ কুশলী শিল্পী ভাস্কৰ জ্যোতি ওজাই বিদেশতো প্ৰশিক্ষণ প্ৰদান কৰে ।
উল্লেখ্য় যে
সত্ৰীয়া নৃত্য আৰু গায়নত বিশেষ দখল থকা শিল্পীগৰাকীয়ে বিগত ২৫ বছৰ ধৰি পৰম্পৰাগত আৰু সত্ৰীয়া সংস্কৃতিৰ সৈতে নিজকে জৰিত কৰি সত্ৰীয়া সমস্কৃতিৰ প্ৰসাৰৰ বাবে অদম্যভাৱে কাম কৰি আহিছে |
সত্ৰীয়া সংস্কৃতিৰ গুণী শিল্পী ভাস্কৰ জ্যোতি ওজা বি হাই গ্ৰেডেড তবলাবাদক আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ অনুমোদিত খোল, ধোলক আৰু বাঁহীবাদক।
ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা তবলা আৰু বাদ্য নিপুনত এম.এ. শিল্পীগৰাকীয়ে বৰপেটাৰ প্ৰয়াত গুৰু মহানন্দ দাস বায়ন আৰু মহানন্দ সূত্ৰধৰৰ পৰা খোল বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ।
বৰপেটাৰ মাজৰহাটীত জন্মগ্ৰহণ কৰা ভাস্কৰ জ্যোতি ওজা সম্প্ৰতি গুৱাহাটীত বাস কৰে |
ভাস্কৰ জ্যোতি ওজালৈ সংগীত নাটক অকাডেমীৰ বঁটা প্ৰদানৰ ঘোষণাই বৰপেটাবাসীক আনন্দিত কৰি তুলিছে |
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা