
গুৱাহাটী, ১১ জুন ৯হি.স.)। অসম-নাগালেণ্ড সীমান্ত অঞ্চলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে বৃহস্পতিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য দুখনৰ মাজত এক উল্লেখযোগ্য ত্ৰিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব।
এই উপলক্ষে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬:৩০ বজাত গৃহ মন্ত্ৰণালয়ৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।
এই বৈঠকত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ ৰিঅ’, আৰু কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনৰ লগতে কেন্দ্র আৰু দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব ৷
এই চুক্তিয়ে আন্তঃৰাজ্যিক সীমা বিবাদৰ বাবে দীৰ্ঘদিন ধৰি অনুন্নত হৈ থকা অসম-নাগালেণ্ড সীমান্তৰ সম্পদ সমৃদ্ধ অঞ্চলসমূহত তেল আৰু গেছ অন্বেষণৰ বাট মুকলি কৰিব। এই পদক্ষেপে অঞ্চলটোৰ শক্তি খণ্ডৰ উন্নয়নত এক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
এই বুজাবুজি চুক্তিয়ে যৌথ অন্বেষণ আৰু উৎপাদন কাৰ্যকলাপৰ বাবে এক প্ৰতিষ্ঠানিক কাঠামো স্থাপন কৰিব। ৰাজহ ভাগ-বতৰা, প্ৰকল্প পৰিচালনা, সীমান্তৱৰ্তী অঞ্চলত আইন-শৃংখলা বজাই ৰখাৰ বাবেও এক সমন্বিত ব্যৱস্থা গঢ়ি তোলা হ’ব।
কেন্দ্ৰীয় চৰকাৰে এই চুক্তিক সমবায় ফেডাৰেলিজমৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে লয়। ই কেৱল শক্তি সম্পদৰ উন্নত ব্যৱহাৰক প্ৰসাৰিত কৰাই নহয়, অসম আৰু নাগালেণ্ডৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদ হ্ৰাস কৰাৰ লগতে পাৰস্পৰিক বিশ্বাস আৰু সহযোগিতা শক্তিশালী কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া