মৰিগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ত পৰ্যালোচনা বৈঠকত মিলিত মন্ত্ৰী অজন্তা নেওঁগ
মৰিগাঁও, ১১ জুন (হি.স.)। মৰিগাঁও জিলাৰ নৱনিযুক্ত অভিভাৱক মন্ত্ৰী অজন্তা নেওঁগ আজি মৰিগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ত উপস্থিত হৈ এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত মন্ত্ৰী গৰাকীয়ে জিলা খনত চলি
মৰিগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ত উপস্থিত মৰিগাঁও জিলাৰ নৱ-নিযুক্ত অভিভাৱক মন্ত্ৰী অজন্তা নেওঁগ


মৰিগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ত উপস্থিত মৰিগাঁও জিলাৰ নৱ-নিযুক্ত অভিভাৱক মন্ত্ৰী অজন্তা নেওঁগ


মৰিগাঁও, ১১ জুন (হি.স.)। মৰিগাঁও জিলাৰ নৱনিযুক্ত অভিভাৱক মন্ত্ৰী অজন্তা নেওঁগ আজি মৰিগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ত উপস্থিত হৈ এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত মন্ত্ৰী গৰাকীয়ে জিলা খনত চলি থকা বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান লোৱাৰ লগতে আগন্তুক বাৰিষাত হব পৰা বান পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে।

প্ৰশাসনৰ সৰ্বাংগীণ সক্ৰিয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে চৰকাৰী আঁচনিৰ সুফল যাতে প্ৰতি গৰাকী প্ৰকৃত হিতাধিকাৰীৰ ওচৰলৈ যায় তাক বিভাগীয় বিষয়া সকলে নিশ্চিত কৰিব লাগিব। জিলা খনৰ দ্ৰুত উন্নয়ন আৰু জৰুৰীকালীন পৰিস্থিতিৰ সময়ত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ বাবে মন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসনক সম্পূৰ্ণ সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে।

অভিভাৱক মন্ত্ৰী গৰাকীৰ উপস্থিতিত অনুষ্ঠিত এই পৰ্যালোচনা সভাখনত জিলা আয়ুক্ত, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, লাহৰীঘাট সমষ্টিৰ বিধায়ক আছিফ নাজাৰাৰ লগতে সকলো বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande