
কাৰ্বি আংলং, ১১ জুন (হি.স.): কাৰ্বি আংলং জিলাৰ বকলিয়াঘাট থানাৰ অন্তৰ্গত কাকিজান চামপথাৰত য়োৱা কালি বুধবাৰে বিয়লি সঞ্জীৱ তেৰন নামৰ ২৮ বছৰীয়া এজন যুৱকক দুষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । সঞ্জীৱ তেৰন ঘৰ অভিমুখে গৈ থকা অৱস্থাত কোনো অচিনাকী দুৰ্বৃত্তই গাড়ীত আহি তেৰনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পেলাই থৈ যায়।
ইফালে সংকটজনক অৱস্থাত আহত সঞ্জীৱ তেৰনক উদ্ধাৰ কৰি ডিফু মেডিকেল কলেজ হস্পিতালত লৈ অনা হৈছে। গুৰুতৰ বাবে আহত সঞ্জীৱ বৰ্তমান ডিএমচিএছ'ত চিকিৎসাধীন হৈ আছে । অৱশ্যে কোনে কি কাৰণত এই ঘটনা সংঘটিত কৰিলে সেয়া বৰ্তমানলৈক জানিব পৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ