অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত তেল আৰু গেছ অন্বেষণৰ পথ প্ৰশস্ত, কেন্দ্ৰ আৰু দুয়োখন ৰাজ্যৰ মাজত ত্ৰিপাক্ষিক চুক্তি
নতুন দিল্লী, ১১ জুন (হি.স.)। অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু আহৰণৰ সুবিধাৰ বাবে কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কেন্দ্ৰ, অসম আৰু নাগালেণ্ড চৰকাৰৰ মাজত বৃহস্পতিবাৰে এক ঐতিহাসিক ত্ৰিপ
केंद्रीय गृह मंत्री अमित शाह गुरुवार को केंद्र सरकार, असम और नागालैंड सरकार के बीच त्रिपक्षीय समझौता के दौरान


নতুন দিল্লী, ১১ জুন (হি.স.)। অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু আহৰণৰ সুবিধাৰ বাবে কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কেন্দ্ৰ, অসম আৰু নাগালেণ্ড চৰকাৰৰ মাজত বৃহস্পতিবাৰে এক ঐতিহাসিক ত্ৰিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

এই উপলক্ষে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ', আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে।

এই উপলক্ষে অমিত শ্বাহে কয় যে দেশত এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ আছে। তেওঁ কয় যে এই চুক্তিখন ইতিহাসত লিপিবদ্ধ হ’ব আৰু ই তেল, প্ৰাকৃতিক গেছ, আৰু অন্যান্য খনিজ সম্পদৰ আহৰণৰ বাবে বিশাল সম্ভাৱনা মুকলি কৰিব।

শ্বাহে কয় যে এই চুক্তিখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমৃদ্ধিশালী আৰু উন্নত উত্তৰ-পূব অঞ্চলৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ কয় যে অসম আৰু নাগালেণ্ডে জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি সীমাৰ সমস্যাই দেশৰ শক্তি সম্পদৰ ব্যৱহাৰত বাধাৰ সৃষ্টি নকৰে বুলি সিদ্ধান্ত লৈছে আৰু দুয়োখন ৰাজ্যই ৫০-৫০ ভাগ-বতৰা আৰ্হিত সহমতত উপনীত হৈছে।

এই চুক্তি সমবায় ফেডাৰেলিজমৰ এক উৎকৃষ্ট নিদৰ্শন বুলিও গৃহমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ নাগালেণ্ড চৰকাৰে কেৱল ছয়টা এলেকাত সীমাবদ্ধ ৰখাৰ পৰিৱৰ্তে সমগ্ৰ ৰাজ্যতে তেল আৰু গেছ অন্বেষণৰ সিদ্ধান্তক আদৰণি জনায়।

তেওঁ উল্লেখ কৰে যে নিজ নিজ অঞ্চলত বৰ্তমান প্ৰতিদিনে ১০০০ৰ পৰা ১৫০০ বেৰেল উৎপাদন ক্ষমতা, যিটো এই চুক্তিৰ পিছত দহগুণতকৈও অধিক বৃদ্ধি কৰিব পৰা যাব। শ্বাহে কয় যে কেৱল এটা অঞ্চলত ₹১৫,০০০ কোটিতকৈ অধিক ধন উদ্ধাৰ কৰাৰ সম্ভাৱনা আছে। যদিহে নাগালেণ্ডৰ তেল আৰু গেছৰ মজুত সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা হয়, তেন্তে ভাৰতে এই অঞ্চলত বিদেশী উৎসৰ ওপৰত নিৰ্ভৰশীলতা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে।

অমিত শ্বাহে কয় যে দীৰ্ঘদিনীয়া বিবাদ আৰু আইনী বাধাই দুয়োখন ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নত বাধাৰ সৃষ্টি কৰি আহিছে যদিও এই চুক্তিয়ে উন্নয়নৰ বাবে এক নতুন পথ মুকলি কৰিব। তেওঁ উল্লেখ কৰে যে নাগালেণ্ডত উপলব্ধ তেল আৰু প্ৰাকৃতিক গেছৰ সম্পদসমূহ ব্যৱহাৰ কৰিলে দেশৰ শক্তি সুৰক্ষা শক্তিশালী হ’ব আৰু লগতে অসম আৰু নাগালেণ্ডৰ অৰ্থনৈতিক উন্নয়নৰ বাবেও নতুন সুযোগৰ সৃষ্টি হ’ব।

উত্তৰ-পূব অঞ্চলৰ শান্তি আৰু উন্নয়নৰ কথা উল্লেখ কৰি শ্বাহে কয় যে অঞ্চলটোত পৰ্যটন, বিনিয়োগ, আৰু উদ্যোগিক কাৰ্যকলাপ যথেষ্ট বৃদ্ধি পাইছে। তেওঁ কয় যে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (এএফএছপিএ)ৰ পৰিসৰ ক্ৰমাগতভাৱে হ্ৰাস কৰা হৈছে, আৰু বৰ্তমান উত্তৰ-পূবৰ ৮০ শতাংশতকৈ অধিক অঞ্চল ইয়াৰ পৰা মুক্ত। তেওঁ আস্থা প্ৰকাশ কৰে যে, এখন বা দুখন ৰাজ্যৰ বাহিৰেও অহা বছৰ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এএফএছপিএ সম্পূৰ্ণৰূপে নিৰ্মূলৰ দিশত অগ্ৰগতি লাভ কৰিব।

গৃহমন্ত্ৰীয়ে উল্লেখ কৰে যে এই চুক্তি কেৱল শক্তি খণ্ডতে সীমাবদ্ধ নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত খনিজ সম্পদৰ আহৰণ আৰু আঞ্চলিক উন্নয়নৰ এক নতুন অধ্যায়ৰ আৰম্ভণিৰ সংকেত দিয়ে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande