
পানাগড়, ১০ জুন (হি.স.)। পশ্চিম বংগৰ পানাগড়ত বুধবাৰে পুৱা এখন মালবাহী ৰে’লৰ চাৰিটা দবা ৰে’লপথৰ পৰা লাইনচ্য়ুত হোৱাৰ ফলত ৰে’লৱেৰ কাম-কাজ ব্যাহত হৈ পৰে। ঘটনাৰ পিছতে ৰে’ল প্ৰশাসন আৰু কাৰিকৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু পুনৰুদ্ধাৰৰ কাম আৰম্ভ কৰে।
লাভ কৰা তথ্য অনুসৰি বুধবাৰে পুৱা চিমেণ্ট ভৰ্তি মালবাহী ৰে’লখন পানাগড় ঔদ্যোগিক এলেকাৰ পৰা দুৰ্গাপুৰ অভিমুখে ৰাওনা হয়। পানাগড় ষ্টেচন পাৰ হৈ যোৱাৰ সময়ত হঠাতে ইয়াৰ চাৰিটা দবা ৰেলপথৰ পৰা ওলাই যায়। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।
এই সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ৰে’লৱেৰ জ্যেষ্ঠ বিষয়া, যান্ত্ৰিক বিভাগৰ কৰ্মী আৰু কাৰিকৰী দল উপস্থিত হয়। প্ৰায় দুঘণ্টাৰ অপাৰেচনৰ অন্তত লাইনচ্য়ুত হোৱা ৱেগনসমূহক ৰে’লপথৰ সৈতে পুনৰ সংযোগ কৰি ৰে’লপথ সুৰক্ষিত কৰা হয়।
দুৰ্ঘটনাটোৰ বাবে ৰে’লৱেৰ গেটখন দীৰ্ঘ সময় ধৰি বন্ধ হৈ থকাৰ ফলত পথৰ যাতায়ত ব্যাহত হোৱাৰ লগতে দুয়োফালে দীঘলীয়া শাৰী পাতিবলৈ বাধ্য হয়। ৱেগনসমূহ পুনৰ সংযোগ কৰাৰ পিছত ক্ৰমান্বয়ে যাতায়ত আৰু ৰে’লৰ কাম-কাজ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল।
দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত ৰে’ল প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে। বিষয়াসকলে জনোৱা মতে, তদন্তৰ প্ৰতিবেদন পোৱাৰ পিছতহে দুৰ্ঘটনাৰ সঠিক কাৰণ স্পষ্ট হ’ব।
--------------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ