বংগৰ প্ৰাক্তন মন্ত্ৰী উজ্জ্বল বিশ্বাসক গ্ৰেপ্তাৰ, মহুৱা মৈইত্ৰাৰ এয়া বিজেপিৰ ষড়যন্ত্ৰ আখ্যা
কৃষ্ণনগৰ, ১০ জুন (হি.স.)। সাহায্য সামগ্ৰীৰ অনিয়মৰ অভিযোগত দীঘলীয়া জেৰাৰ অন্তত পশ্চিম বংগৰ প্ৰাক্তন কাৰাগাৰ মন্ত্ৰী উজ্জ্বল বিশ্বাসক গ্ৰেপ্তাৰ কৰা হৈছে। মঙলবাৰে তেওঁৰ বাসগৃহৰ বাহিৰত সাহায্য সামগ্ৰীৰ কথিত কেলেংকাৰীক লৈ এক বৃহৎ প্ৰতিবাদৰ সৃষ্টি হয়
तृणमूल के पूर्व मंत्री उज्ज्वल विश्वास  (फाइल फाेटाे)


কৃষ্ণনগৰ, ১০ জুন (হি.স.)। সাহায্য সামগ্ৰীৰ অনিয়মৰ অভিযোগত দীঘলীয়া জেৰাৰ অন্তত পশ্চিম বংগৰ প্ৰাক্তন কাৰাগাৰ মন্ত্ৰী উজ্জ্বল বিশ্বাসক গ্ৰেপ্তাৰ কৰা হৈছে। মঙলবাৰে তেওঁৰ বাসগৃহৰ বাহিৰত সাহায্য সামগ্ৰীৰ কথিত কেলেংকাৰীক লৈ এক বৃহৎ প্ৰতিবাদৰ সৃষ্টি হয় আৰু ক্ষুব্ধ জনতাই তেওঁৰ ওপৰত কণী নিক্ষেপ কৰে। পৰিস্থিতি তীব্ৰতৰ হোৱাৰ লগে লগে আৰক্ষীয়ে তেওঁক আটক কৰি ৰাখিছে আৰু পিছত সোধা-পোছাৰ অন্তত গভীৰ নিশা গ্ৰেপ্তাৰ কৰে। বুধবাৰে তেওঁক কৃষ্ণনগৰ জিলা আৰু অধিবেশন আদালতত হাজিৰ কৰোৱা হ’ব।

উজ্জ্বল বিশ্বাসক গ্ৰেপ্তাৰক লৈ ৰাজনৈতিক বিতৰ্কও তীব্ৰতৰ হৈ পৰিছে। বুধবাৰে কৃষ্ণনগৰৰ পৰা তৃণমূল কংগ্ৰেছ লোকসভাৰ সাংসদ মহুৱা মইত্ৰাই এই কাৰ্যক বিশুদ্ধ ৰাজনৈতিক বুলি অভিহিত কৰি ভাৰতীয় জনতা পাৰ্টিৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰে।

মহুৱা মৈইত্ৰাই উল্লেখ কৰে যে তেওঁ নিজেই এগৰাকী প্ৰাক্তন বিধায়িকা হৈ আহিছে, আৰু ৰাজ্যৰ সকলো বিধায়কক সাহায্য সামগ্ৰী, যেনে ঈদ আৰু অন্যান্য ডাঙৰ উৎসৱ উপলক্ষে বিতৰণৰ বাবে কাপোৰ, আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহায়ৰ বাবে তিৰপাল আদি যোগান ধৰা হয়। তেওঁৰ মতে, বহু বিধায়কে এই সামগ্ৰীসমূহ নিজৰ ঘৰত বা গুদামত মজুত কৰি ৰাখে। উজ্জ্বল বিশ্বাসেও সেইবোৰ নিজৰ ঘৰত নিৰাপদে মজুত কৰি ৰাখিছিল বুলি দাবী কৰে।

তৃণমূলৰ সাংসদগৰাকীয়ে উল্লেখ কৰে যে ঈদৰ পূৰ্বে নিৰ্বাচন ঘোষণা কৰাৰ বাবে এই সামগ্ৰীসমূহ বিতৰণ কৰিব পৰা নগ’ল, আৰু সেয়েহে এই সামগ্ৰীসমূহ তেওঁৰ ঘৰত মজুত কৰা হৈছে। ৰাজ্যত ক্ষমতা সলনি হোৱাৰ পিছত ৪ জুনত প্ৰশাসনিক নিৰ্দেশনা জাৰি কৰা হৈছিল, য’ত উল্লেখ কৰা হৈছিল যে প্ৰাক্তন বিধায়কসকলৰ হাতত থকা চৰকাৰী সাহায্য সামগ্ৰীসমূহ সংশ্লিষ্ট মহকুমা বিষয়া (এছডিঅ’) বা ব্লক উন্নয়ন বিষয়া (বিডিঅ’)ৰ জৰিয়তে চৰকাৰী জিম্মালৈ ঘূৰাই দিব লাগে।

মৈইত্ৰাৰ মতে, উজ্জ্বল বিশ্বাসে প্ৰশাসনলৈ পত্ৰ লিখি তেওঁৰ ঘৰত মজুত থকা সাহায্য সামগ্ৰীসমূহ আঁতৰাই পেলাবলৈ অনুৰোধ জনায়। ৯ জুনত ব্লক ডেভেলপমেণ্ট অফিচাৰ (বিডিঅ’)ৰ কাৰ্যালয়ে সামগ্ৰী সংগ্ৰহৰ বাবে এখন বাহন প্ৰেৰণ কৰা বুলি দাবী কৰে। ইফালে বিজেপিৰ একাংশ কৰ্মী সমৰ্থক উপস্থিত হৈ অঞ্চলটোত ভাঙি-ছিঙি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰাক্তন মন্ত্ৰীগৰাকীক থেলা-থেলি কৰিছিল আৰু কণী দলিওৱাৰ অভিযোগ উত্থাপন কৰে।

মহুৱা মৈইত্ৰাই উল্লেখ কৰে যে উজ্জ্বল বিশ্বাস এজন জ্যেষ্ঠ ৰাজনৈতিক নেতা আৰু তেওঁৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থা ৰাজনৈতিক প্ৰতিশোধৰ অংশ। সমগ্ৰ ঘটনাক বিজেপিৰ সুপৰিকল্পিত ষড়যন্ত্ৰ বুলি অভিহিত কৰি নিৰপেক্ষ তদন্তৰ দাবী জনায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande