
শ্ৰীনগৰ, ১০ জুন (হি.স.)। জম্মু-কাশ্মীৰৰ উৰিৰ কমলকোটত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত মঙলবাৰে সংঘটিত বিস্ফোৰণত গুৰুতৰভাৱে আহত হোৱা দুজন সেনা জোৱানৰ মঙলবাৰে সন্ধিয়া মৃত্যু হয় ।
এই বীৰ জোৱানসকল হ’ল মহাৰাষ্ট্ৰৰ আইৰ’লিৰ বাসিন্দা চৌহান বিক্ৰম বালকৃষ্ণ আৰু মহাৰাষ্ট্ৰৰ সতৰা জিলাৰ কাৰাড তহচিলৰ শ্বাহপুৰৰ বাসিন্দা অৰ্জুন জাধৱ ৰাজেন্দ্ৰ। বিষয়াসকলে জনোৱা মতে, দুয়োজন জোৱানক চিকিৎসাৰ বাবে শ্ৰীনগৰৰ বাদামিবাগৰ ৯২ বেছ হাস্পতাললৈ লৈ যোৱা হয়। তাত চিকিৎসাৰ সময়ত দুয়োজনে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়। অধিক সবিশেষ জানিবলৈ অপেক্ষা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া