ওডালগুৰিত প্ৰাথমিক বিদ্যালয়ৰ নিচেই কাষতে উন্মুক্তভাৱে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক ট্ৰেন্সফাৰ্মাৰ স্থাপন
ওদালগুৰি, ১০ জুন (হি.স.)। ওদালগুৰি জিলাৰ কলাইগাওঁ বিদ্যুৎ উপ-সংমণ্ডলৰ কাণ্ডজ্ঞানহীনতা, প্ৰাথমিক বিদ্যালয়ৰ নিচেই কাষতে উন্মুক্তভাৱে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক ট্ৰেন্সফাৰ্মাৰ স্থাপনে যিকোনো মূহুৰ্ত্বত বিপদ নমাব পাৰে কণ কণ ছাত্ৰ-ছাত্ৰীৰ। কলাইগাওঁ
ওডালগুৰিত প্ৰাথমিক বিদ্যালয়ৰ নিচেই কাষতে উন্মুক্তভাৱে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক ট্ৰেন্সফাৰ্মাৰ স্থাপন


ওদালগুৰি, ১০ জুন (হি.স.)। ওদালগুৰি জিলাৰ কলাইগাওঁ বিদ্যুৎ উপ-সংমণ্ডলৰ কাণ্ডজ্ঞানহীনতা, প্ৰাথমিক বিদ্যালয়ৰ নিচেই কাষতে উন্মুক্তভাৱে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক ট্ৰেন্সফাৰ্মাৰ স্থাপনে যিকোনো মূহুৰ্ত্বত বিপদ নমাব পাৰে কণ কণ ছাত্ৰ-ছাত্ৰীৰ।

কলাইগাওঁ দমৰাপোটাস্থিত মুকুণ্ড মেম'ৰিয়েল প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু প্ৰধান শিক্ষকে কলাইগাওঁ বিদ্যুৎ বিভাগক বহুবাৰ আবেদন কৰিও সু-ফল নাপালে বছৰ বছৰ ধৰি। বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে কলাইগাওঁ বৈদ্যুতিক উপ সংমণ্ডলে।কিমান বিপদজনকভাৱে মাটিত লাগো লাগোকৈ ট্ৰেন্সফাৰ্মাৰ স্থাপন কৰিছে আপুনি দেখিলে আপোনাৰো বুকু কপি উঠিব কিয়নো ট্ৰেন্সফৰ্মাৰ আৰু মুকুণ্ড মেম'ৰিয়েল প্ৰাথমিক বিদ্যালয় চৌহদতে লাগি আছে।বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰোতেও বিপদ অনিবাৰ্য্য। অসম শক্তি বিতৰণ কম্পেনীয়ে কেৱল উপভোক্তাৰ মিটাৰ সমূহহে স্মাৰ্ট কৰিলে কিন্তু এতিয়াও গাওঁ সমূহৰ বিদ্যুৎ যোগানৰ ব্যবস্থা স্মাৰ্ট নকৰিলে।

এটা উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক ট্ৰেন্সফাৰ্মাৰ কিমান বিপজজনকভাৱে কোনো নিৰাপত্তা নোহোৱাকৈ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় চৌহদতে থকাৰ পিছতো কোনো ধৰনৰ জেউৰা বা কোনো ছাত্ৰ-ছাত্ৰীয়ে যাতে চুব নোৱাৰে তাৰ কোনো ব্যবস্থা নকৰাত সকলোৱে একেমুখে বিদ্যুৎ বিভাগক ধিক্কাৰ দিছে।এই বাতৰি সম্প্ৰচাৰ হোৱাৰ ২৪ ঘন্টাৰ ভিতৰত যাতে এই উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক ট্ৰেন্সফাৰ্মাৰটো স্থানান্তৰ কৰে তাৰ বাবেও দাবী জনায় স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande