
ৱাশ্বিংটন/তেহৰাণ, ১০ জুন (হি.স.)। আমেৰিকা আৰু ইৰাণৰ মাজত সামৰিক উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে আমেৰিকান বাহিনীয়ে হৰমুজ জলদ্বীপৰ আশে-পাশে অৱস্থিত ইৰাণৰ কেইবাটাও কৌশলগত স্থানত আঘাত হানে। আমেৰিকা প্ৰশাসনে কয় যে শেহতীয়া পৰিঘটনা আৰু আঞ্চলিক নিৰাপত্তাৰ চিন্তাৰ প্ৰতি সঁহাৰি জনাই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
আমেৰিকাৰ এই কাৰ্য্যৰ কেন্দ্ৰবিন্দু আছিল বাণ্ডাৰ আব্বাছ, জাস্ক, ছিৰিক, মিনাব, কেছম দ্বীপৰ দৰে কৌশলগত স্থানকে ধৰি হৰমুজ জলদ্বীপৰ কাষৰীয়া অঞ্চলসমূহ। ইৰাণৰ সামুদ্ৰিক নিৰাপত্তা আৰু উপকূলীয় চোৱাচিতাৰ নেটৱৰ্কৰ বাবে এই অঞ্চলসমূহ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
হৰমুজ জলদ্বীপ বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক বাণিজ্যিক পথ। এই পথেৰে বিশ্বৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ এক বৃহৎ অংশ পৰিবহণ কৰা হয়। গতিকে এই অঞ্চলত যিকোনো সামৰিক কাৰ্যকলাপে আন্তঃৰাষ্ট্ৰীয় শক্তি বজাৰ আৰু তেলৰ মূল্যত প্ৰভাৱ পেলাব পাৰে।
শেহতীয়াকৈ সংঘটিত হোৱা কাণ্ডৰ বাবে ইৰাণক দোষাৰোপ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমেৰিকাই নিজৰ সামৰিক জোৱান আৰু আঞ্চলিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি যাব। ইফালে ইৰানে আমেৰিকাৰ এই কাৰ্যক সমালোচনা কৰি আঞ্চলিক উত্তেজনা বৃদ্ধি কৰা পদক্ষেপ বুলি অভিহিত কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া