
নতুন দিল্লী, ১০ জুন (হি.স.)। তৃণমূল কংগ্ৰেছ (টিএমচি)ৰ জ্যেষ্ঠ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুষ্মিতা দেৱে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে। পদত্যাগ কৰাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সাক্ষাৎ কৰে, যাৰ ফটো পোহৰলৈ আহিছে।
ৰাজ্যসভাৰ অধ্যক্ষ চি.পি. ৰাধাকৃষ্ণনে ৰাজ্যসভাৰ পৰা তাৎক্ষণিক কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰাৰ কথা উল্লেখ কৰে। তেওঁৰ কাৰ্যকালত সভাপতি, উপ সভাপতি আৰু ৰাজ্যসভা সচিবালয়ৰ সকলো বিষয়াৰ পৰা লাভ কৰা সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।
ইতিমধ্যে টিএমচিৰ আভ্যন্তৰীণ মতানৈক্য আৰু নেতাসকলে দল ত্যাগ কৰাৰ সন্মুখীন হোৱাৰ সময়তে সুষ্মিতা দেৱৰ পদত্যাগৰ কথা ওলাইছে । সৰ্বপ্ৰথমে মে’ মাহত দলৰ হাইকমাণ্ডে প্ৰথমে শোভনদেৱ চট্টোপাধ্যায়ক ৰাজ্যিক বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লয়। কিন্তু দলৰ ৮০ গৰাকী বিধায়কৰ ভিতৰত ৫৮ গৰাকীয়ে দলৰ হাইকমাণ্ডৰ সিদ্ধান্তক অৱমাননা কৰি বিদ্ৰোহী বিধায়ক ৰীতাব্ৰত বেনাৰ্জীক বিৰোধী দলপতি হিচাপে নিৰ্বাচিত কৰে। ইয়াৰ পাছতে দলটোৰ ২৮ জন লোকসভা সদস্যৰ ভিতৰত প্ৰায় ২০ জন সদস্যই লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ পত্ৰ লিখি বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এন ডি এ)ক সমৰ্থন কৰি সুকীয়া ফৈদ গঠন কৰাৰ ইচ্ছা প্ৰকাশ কৰে। এই কথা ৰাজহুৱাভাৱে স্বীকাৰ কৰে দলৰ জ্যেষ্ঠ সাংসদ কাকলি ঘোষ দস্তীদাৰে।
সুষ্মিতা দেৱৰ পূৰ্বেও টিএমচিয়ে কেইবাটাও পদত্যাগ আৰু বিভাজনৰ সাক্ষী হৈ আহিছে। শেহতীয়াকৈ ৮ জুনত জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সুখেন্দু শেখৰ ৰায়ৰ পদত্যাগৰ কথা। ইয়াৰ পূৰ্বে স্থানীয় সংস্থাসমূহতো দলটোৱে বিপৰ্যয়ৰ সন্মুখীন হৈছিল যেতিয়া ১২৭ জন কাউন্সিলাৰ আৰু নেতাই সামূহিকভাৱে পদত্যাগ কৰিছিল। ইয়াৰ ভিতৰত আছিল কঞ্চৰাপাৰা আৰু হলিশাহাৰ পৌৰসভাৰ কেইবা ডজনাধিক কাউন্সিলাৰ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া