
তামুলপুৰ, ১০ জুন (হি.স.)। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা তামুলপুৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে আজি এক আধ্যাত্মিক পৰিবেশৰ মাজত কছুবাৰীস্থিত ঐতিহাসিক মহাপ্ৰভু শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰত উপস্থিত হৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ভগৱানৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ প্ৰাৰ্থনা জনায়।
ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ইতিহাসত একেৰাহে সুদীৰ্ঘ ১২ টা বছৰ দেশমাতৃৰ প্ৰধান সেৱক হিচাপে নিষ্ঠাৰে দায়িত্ব পালন কৰি অহা পৰম শ্ৰদ্ধেয় প্ৰধানমন্ত্ৰীগৰাকীক এক বিশেষ অনুষ্ঠানৰ জৰিয়তে তেওঁৰ বিৰল কৃতিত্বৰ বাবে উষ্ম তথা হৃদয়পূৰ্বক অভিনন্দন জ্ঞাপন কৰা হয়। বড়ো আৰু অসমীয়া দুয়োটা ভাষাতে প্ৰধানমন্ত্ৰীগৰাকীলৈ ওলগ জনাই আঁৰি দিয়া বিশেষ বেনাৰখনৰ সন্মুখত অনুষ্ঠিত এই সভাবৰ্ষৰ পূৰ্বে মন্ত্ৰী দৈমাৰীয়ে সমবেত ৰাইজৰ উপস্থিতিত দেশৰ সৰ্বাংগীণ উন্নয়ন আৰু প্ৰধানমন্ত্ৰী মোদীৰ বলিষ্ঠ নেতৃত্বৰ ধাৰাবাহিকতা অব্যাহত থকাৰ উদ্দেশ্যে সত্ৰৰ প্ৰাঙ্গণত ভগৱানৰ আশীৰ্বাদ মূৰ পাতি লয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা