এছিয়ান গেমছ ২০২৬ বাবে পাকিস্তানৰ দল ঘোষণা, চাহিবজাদা ফাৰহান অধিনায়ক হিচাপে নিযুক্ত
নতুন দিল্লী, ১০ জুন (হি.স.)। জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত হ’বলগীয়া ২০২৬ এছিয়ান গেমছৰ বাবে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে পুৰুষৰ ক্ৰিকেট দলৰ কথা ঘোষণা কৰিছে। অভিজ্ঞ বেটছমেন চাহিবজাদা ফাৰহানক অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে আব্দুল ছামাদক উপ-অধিন
साहिबजादा फरहान


নতুন দিল্লী, ১০ জুন (হি.স.)। জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত হ’বলগীয়া ২০২৬ এছিয়ান গেমছৰ বাবে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে পুৰুষৰ ক্ৰিকেট দলৰ কথা ঘোষণা কৰিছে। অভিজ্ঞ বেটছমেন চাহিবজাদা ফাৰহানক অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে আব্দুল ছামাদক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

সাহিবজাদা ফাৰহানে পাকিস্তানৰ হৈ ৪৬ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে যদিও সীমিত অভাৰৰ ফৰ্মেটত অধিনায়কত্ব কৰাটো তেওঁৰ এইটোৱেই প্ৰথম।

১৫ জনীয়া দলটোত পাকিস্তানৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক নঘটোৱা চাৰিগৰাকী খেলুৱৈও আছে। ইয়াৰ ভিতৰত আকিফ জাভেদ, আলী ৰাজা, মাজ সাদাকাত, আৰু সাদ মাছুদ আদি অন্যতম।

উছমান খানক উইকেট ৰক্ষাৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

এইবাৰ তুলনামূলকভাৱে নতুন দল বাছনি কৰিছে পাকিস্তানে। শেহতীয়াকৈ টি-২০ বিশ্বকাপত খেলা কেইবাগৰাকীও বিশিষ্ট খেলুৱৈক দলৰ পৰা আঁতৰাই ৰখা হৈছে। নিয়মীয়া অধিনায়ক ছলমান আলী আঘাৰ লগতে মূল খেলুৱৈ বাবৰ আজম, শ্বাহীন আফ্ৰিদি, আৰু ছাদাব খান নিৰ্বাচিত হোৱাৰ পৰা নাই।

ঘোষিত দলত থকা ১৫ জন খেলুৱৈৰ ভিতৰত ১৪ জন নেশ্যনেল ক্ৰিকেট একাডেমীৰ সীমিত অভাৰ শিবিৰৰ অংশ, যিটো ১৫ জুনত লাহোৰত আৰম্ভ হ’ব।

অহা ২৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়ান গেমছত পুৰুষৰ ক্ৰিকেট প্ৰতিযোগিতা আৰু ৩ অক্টোবৰত পদক মেচ অনুষ্ঠিত হ’ব।

মন কৰিবলগীয়া যে এতিয়ালৈকে তিনিবাৰকৈ এছিয়ান গেমছত ক্ৰিকেট অন্তৰ্ভুক্ত হৈছে—২০১০, ২০১৪, আৰু ২০২২ সংস্কৰণত। যোৱা সংস্কৰণত পাকিস্তানে চতুৰ্থ স্থান দখল কৰে।

২০২৬ চনৰ এছিয়ান গেমছৰ বাবে পাকিস্তানৰ দল:

চাহিবজাদা ফাৰহান (অধিনায়ক), আব্দুল ছামাদ (উপ অধিনায়ক), আবৰাৰ আহমেদ, আহমেদ ডানিয়াল, আকিফ জাভেদ, আলী ৰাজা, আৰাফাত মিনহাছ, হাইদৰ আলী, হাছান নৱাজ, মাজ সাদাকাত, মহম্মদ ছলমান মিৰ্জা, সাদ মাছুদ, ছাইম আয়ুব, চুফিয়ান মুকিম, আৰু উছমান খান (উইকেটকীপাৰ)।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande