কাউন্টি ক্ৰিকেট খেলিব মানৱ সুথাৰ, ৱাৰউইকশ্বাৰৰ সৈতে দুখন মেচৰ চুক্তি
নতুন দিল্লী, ১০ জুন (হি.স.)। ভাৰতীয় যুৱ স্পিনাৰ মানৱ সুথাৰক চলি থকা কাউন্টি চেম্পিয়নশ্বিপৰ পৰৱৰ্তী দুখন মেচৰ বাবে ইংলেণ্ডৰ ৱাৰউইকশ্বাৰ দলে চুক্তিবদ্ধ হৈছে । শেহতীয়াকৈ আফগানিস্তানৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটোৱা মানৱ সুথাৰে এতিয়া ১২ জুনৰ পৰা
भारतीय युवा स्पिनर मानव सुथार


নতুন দিল্লী, ১০ জুন (হি.স.)। ভাৰতীয় যুৱ স্পিনাৰ মানৱ সুথাৰক চলি থকা কাউন্টি চেম্পিয়নশ্বিপৰ পৰৱৰ্তী দুখন মেচৰ বাবে ইংলেণ্ডৰ ৱাৰউইকশ্বাৰ দলে চুক্তিবদ্ধ হৈছে ।

শেহতীয়াকৈ আফগানিস্তানৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটোৱা মানৱ সুথাৰে এতিয়া ১২ জুনৰ পৰা স্কাৰবাৰ’ত ইয়ৰ্কশ্বাৰৰ বিৰুদ্ধে খেলিব। অহা সপ্তাহত টাউণ্টনত ছামাৰচেটৰ বিৰুদ্ধেও তেওঁ দলৰ অংশ হ’ব। মুলানপুৰত আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত প্ৰথম ইনিংছত ৬টা উইকেট দখল কৰি উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল মানৱে। প্ৰথম অভাৰতে এটা উইকেট দখল কৰি মেচখনত মুঠ ৭টা উইকেট দখল কৰি শেষ কৰে।

ঘৰুৱা ক্ৰিকেটত ৰাজস্থানৰ হৈ ধাৰাবাহিক প্ৰদৰ্শনৰ বাবে তেওঁ ভাৰতীয় দলত স্থান অৰ্জন কৰিছিল। এই পৰ্যন্ত প্ৰথম শ্ৰেণীৰ ২৯ খন খেলত ১২৯ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে মানৱে।

ৱাৰউইকশ্বাৰৰ প্ৰদৰ্শন সঞ্চালক জেমছ থমাছে কয় যে মানৱে দলটোৰ বলিং আক্ৰমণত এক নতুন মাত্ৰা যোগ কৰিব, আৰু ভাৰতীয় টেষ্ট দলত তেওঁৰ নিৰ্বাচনে তেওঁৰ সম্ভাৱনাক প্ৰতিফলিত কৰে।

মানৱ সুথাৰে কয় যে ৱাৰউইকশ্বাৰত যোগদান কৰাটো তেওঁৰ বাবে এক অতি ৰোমাঞ্চকৰ সুযোগ, আৰু তেওঁ দলটোক খিতাপৰ দৌৰত সহায় কৰিবলৈ আগ্ৰহী।

ছয়খন মেচৰ পৰা দুটা জয় আৰু দুখন ড্ৰ’ৰে বৰ্তমান ডিভিজন ৱান পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande