
হোজাই, ১০ জুন (হি.স.): হোজাই ৰে’ল ষ্টেচনত যোৱা কালি মঙলবাৰে সন্ধিয়া অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় এগৰাকী যুৱতী । যুৱতী গৰাকীৰ ঘৰ হোজাইৰ বৰপুখুৰীত বুলি জানিব পৰা গৈছে ।
জানিব পৰামতে, সুজন কৰ্মকাৰ নামৰ যুৱকজনৰ সৈতে একেলগে সুৰা পান কৰিছিল যুৱতী গৰাকীয়ে । ঘটনা সন্দৰ্ভত হোজাই ৰে’ল আৰক্ষীয়ে যুৱতী গৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে হোজাই অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । এইক্ষেত্ৰত আৰক্ষীৰ তদন্তৰ পিছতেই উদ্ধাৰ হ’ব সমগ্ৰ ঘটনাৰ ৰহস্য ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ