নাহৰকটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
থিতাতে নিহত এজন কিশোৰ।
নাহৰকটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা


ডিব্ৰুগড়, ১০ জুন (হি.স.): ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে পথ দুৰ্ঘটনা । ডিব্ৰুগড় জিলাৰ অন্তৰ্ভুক্ত নাহৰকটীয়া জয়পুৰ পেট্ৰ’ল ডিপোৰ সমীপত যোৱা কালি মঙলবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এখন কে টি এম মটৰ চাইকেলেৰে দ্ৰুত গতিত অহা ৰাজদ্বীপ মেচ নামৰ যুৱক জনে পিছফালৰ পৰা শিৱ উৰাং নামৰ কিশোৰ জনক প্ৰচণ্ড জোৰেৰে খুণ্ডিয়ায়। ফলত থিতাতে নিহত হয় শিৱ উৰাং নামৰ ১৪ বছৰীয়া কিশোৰ জন।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় প্ৰত্যক্ষ দৰ্শীয়ে জয়পুৰ ৰাজ্যিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে শিৱ উৰাঙক । মৃত শিৱৰ উৰাঙৰ ঘৰ জয়পুৰ চাহ বাগিচাৰ ৯ নং লাইনৰ বুলি জানিব পৰা গৈছে । এই ক্ষেত্ৰত দুৰ্ঘটনা সংঘটিত কৰা দোষীক অতি শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় চাহ জনজাতি ছাত্ৰ সন্থাৰ নাহৰকটীয়া শাখাই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande