বজালীৰ কুৰোবাহা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, নিহত এজন
বজালী, ১০ জুন (হি.স.)। বজালীৰ কুৰোবাহা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় । তীব্ৰবেগত অহা মটৰচাইকেল মহতিয়ালে এজনক । ফলত থিতাতে নিহত হয় এজন লোক। নিহত লোকজন কুৰোবাহাৰ জমিৰ উদ্দিন বুলি চিনাক্ত কৰা হৈছে। ইফালে এই দুৰ্ঘ
বজালীৰ কুৰোবাহা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, নিহত এজন


বজালী, ১০ জুন (হি.স.)। বজালীৰ কুৰোবাহা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় । তীব্ৰবেগত অহা মটৰচাইকেল মহতিয়ালে এজনক । ফলত থিতাতে নিহত হয় এজন লোক। নিহত লোকজন কুৰোবাহাৰ জমিৰ উদ্দিন বুলি চিনাক্ত কৰা হৈছে।

ইফালে এই দুৰ্ঘটনাত আহত হয় আন দুজন লোক । আহত দুই বাইক আৰোহী ক্ৰমে মজদুৰ দেৱান আৰু আব্দুৰ লতিফ দেৱান। আহত দুয়োগৰাকীৰ ঘৰ চকিৰভিঠাত। উন্নত চিকিৎসাৰ বাবে দুয়োগৰাকীকে নিশাই বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। নিহত জমৰ উদ্দিনে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম ধৰোতেই সংঘটিত হয় ভয়ংকৰ দূৰ্ঘটনাটো । দূৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খনৰ নম্বৰ এ এছ ১৫ এন ১৩৬১ বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande