গোৰেশ্বৰৰ মহৰিপাৰা পৰা বাঙালীপাৰা সংযোগী পথৰ দুৰৱস্থা
বাক্সা, ১০ জুন (হি.স.)। গোৰেশ্বৰৰ মহৰিপাৰা পৰা বাঙালীপাৰা সংযোগী পথৰ দুৰৱস্থা। গড়কাপ্তানী পথচোৱাৰ প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাতে দুৰ্ভোগ ভুগাইছে পথচাৰীক। খলাবমা গাতে জ্বলাকলা খুৱাইছে বাইহাটা চাৰিআলি-গোৰেশ্বৰ বগামাটী সংযোগী গড়কাপ্তানী পথটিৰ পথচা
গোৰেশ্বৰৰ মহৰিপাৰা পৰা বাঙালীপাৰা সংযোগী পথৰ দুৰৱস্থা


বাক্সা, ১০ জুন (হি.স.)। গোৰেশ্বৰৰ মহৰিপাৰা পৰা বাঙালীপাৰা সংযোগী পথৰ দুৰৱস্থা। গড়কাপ্তানী পথচোৱাৰ প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাতে দুৰ্ভোগ ভুগাইছে পথচাৰীক। খলাবমা গাতে জ্বলাকলা খুৱাইছে বাইহাটা চাৰিআলি-গোৰেশ্বৰ বগামাটী সংযোগী গড়কাপ্তানী পথটিৰ পথচাৰীৰ লগতে স্কুলীয়া ছাত্র ছাত্ৰীক। দীৰ্ঘদিনে পথটিৰে যাতায়ত কৰি দুৰ্ভোগ ভূগিছে হাজাৰ হাজাৰ বাহনৰ চালকে ।

পথটিত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাতৰ বাবে মৰণফাণ্ডত পৰিণত হৈছে পথচোৱা ।বিগত কেইবাবছৰ ধৰি পথচোৱা নিৰ্মাণত নাই কোনো গুৰুত্ব । ৰাইজৰ অভিযোগ নিৰ্বাচনৰ অস্ত্র হিচাপে ব্যৱহাৰ কৰে পথটি, নিৰ্বাচন গলে সকলো প্ৰতিশ্ৰুতি যেন ফুটুকাৰ ফেনত পৰিণত হয় । লগতে কয় বাতৰি সম্পাচাৰ হলে কেইগাড়ী মান চেনগেভেল পেলাই দায়িত্ব সামৰে জন প্ৰতিনিধিয়ে। বিটিচি নিৰ্বাচনত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল শুক্লাই চেৰফাং সমষ্টিৰ EM গনেশ কছাৰীয়ে তেখেতে জয়়ী হলে বাঙালিপাৰা পৰা মহৰিপাৰালৈ প্ৰতিদিনে মেৰামতি কৰিৱ বুলি বিৰোধীক তৃব্র সমলোচনা কৰিছিল কিন্তু তেখেতৰ প্ৰতিশ্ৰুতি যেন এতি ধোৱা চাঙত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande