
- দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্তক সাক্ষাৎ কৰিব ১০ জনীয়া কংগ্ৰেছৰ প্ৰতিনিধি দলে
ভূপাল, ১০ জুন (হি.স.)। মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীনাক্ষী নটৰাজনৰ মনোনয়ন পত্ৰ প্ৰত্যাখ্যান হোৱাৰ ফলত ৰাজ্যৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীলৈ ৰাজনৈতিক উত্তাপ বৃদ্ধি পাইছে। কংগ্ৰেছ দলে এতিয়া তেওঁৰ শপতনামাত বিসংগতিৰ অভিযোগ উত্থাপন কৰি মঙলবাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰিবলৈ নিৰ্বাচন আয়োগৰ পৰা সময় বিচাৰিছে।
মঙলবাৰৰ পৰাই এই সমগ্ৰ বিতৰ্ক আৰম্ভ হয় যেতিয়া মীনাক্ষী নটৰাজনৰ মনোনয়নক লৈ বিজেপিয়ে গুৰুতৰ আপত্তি দাখিল কৰে। বিজেপিয়ে অভিযোগ কৰে যে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ইচ্ছাকৃতভাৱে হায়দৰাবাদৰ আদালতত বিচাৰাধীন হৈ থকা এটা পুৰণি গোচৰৰ তথ্য লুকুৱাই ৰাখিছিল শপতনামাত। এই আপত্তিৰ প্ৰতি লক্ষ্য ৰাখি ৰিটাৰ্নিং অফিচাৰ অৰবিন্দ শৰ্মাই নটৰাজনক কাৰণ দেখুৱাবলৈ জাননী জাৰি কৰি ৫:৩০ বজালৈকে সময় দিয়ে। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে দাখিল কৰা ব্যাখ্যাত অসন্তুষ্ট হৈ ৰিটাৰ্নিং বিষয়াগৰাকীয়ে বিজেপিৰ আপত্তি মানি লৈ মনোনয়ন বাতিলৰ চূড়ান্ত সিদ্ধান্ত জাৰি কৰে। ইয়াৰ প্ৰতিবাদত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে ভোপাল আৰু দিল্লীৰ নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ গেটৰ বাহিৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
ভূপালত কংগ্ৰেছৰ ৰাজ্যিক প্ৰভাৰী হৰিশ চৌধুৰী, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি জিতু পাটোৱাৰীকে ধৰি বিধানসভাৰ বিৰোধী দলপতি উমাং চিংগাৰকে ধৰি আন কেইবাজনো বিষয়াই মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয়। গেটৰ বাহিৰত ৰৈ কংগ্ৰেছ নেতাসকলে প্ৰতিবাদ কৰি নিশা নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সন্মুখত পথত শুই পৰিল। এই ধৰ্ণা গোটেই ৰাতিটো চলি থাকিল।
ইফালে আজি ১৮ জুনত মধ্যপ্ৰদেশত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী মীনাক্ষী নটৰাজনৰ মনোনয়ন বাতিলৰ প্ৰতিবাদত মঙলবাৰে নিৰ্বাচন আয়োগক সাক্ষাৎ কৰে উচ্চ পৰ্যায়ৰ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে। প্ৰতিনিধি দলটোত আছে কে চি ভেনুগোপাল, জয়ৰাম ৰমেশ, ৰনদীপ সুৰজেৱালা, শচীন পাইলট, ভূপেশ বাঘেল, দীপা দাসমুন্সি, বিবেক তংখা, মীনাক্ষী নটৰাজন, মহম্মদ আলী খান, ওমৰ হুদা।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ