ই-ৰিক্সাৰ বিৰুদ্ধে কঠোৰ অভিযান বজালী জিলা পৰিবহণ বিভাগৰ
ই-ৰিক্সাৰ বিৰুদ্ধে কঠোৰ অভিযান বজালী জিলা পৰিবহণ বিভাগৰ।
ই-ৰিক্সাৰ বিৰুদ্ধে কঠোৰ অভিযান বজালী জিলা পৰিবহণ বিভাগৰ


বৰপেটা ১০ জুন (হি.স.): বজালী জিলাক দুর্ঘটনামুক্ত আৰু সুৰক্ষিত জিলা হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে বজালী জিলা পৰিবহণ বিভাগে ই-ৰিক্সাৰ বিৰুদ্ধে কঠোৰ অভিযান চলাইছে । বজালী জিলা পথ সুৰক্ষা সমিতিৰ নিৰ্দেশনা অনুসৰি কালি বিয়লি পাঠশালাৰ মাজেৰে পাৰ হোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা ই-ৰিক্সাসমূহৰ ওপৰত এক বিশেষ তালাচী অভিযান চলোৱা হয় । অভিযানত ড্ৰাইভিং লাইচেঞ্চবিহীন, পঞ্জীয়নবিহীন তথা যান-বাহন চলাচলৰ নিয়ম উলংঘা কৰা ই-ৰিক্সাসমূহক লক্ষ্য কৰি ব্যৱস্থা গ্ৰহণ কৰা হয়।

অভিযানকালত পৰিবহণ বিভাগৰ বিষয়াসকলে ই-ৰিক্সাসমূহৰ প্ৰয়োজনীয় নথি-পত্ৰ, চালকৰ বৈধ ড্ৰাইভিং লাইচেঞ্চ, গাড়ীৰ ফিটনেছ আদি পৰীক্ষা কৰে । বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত ভুল দিশেৰে চলাচল কৰা, যাতায়তৰ নিয়ম ভংগ কৰা আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰা বাহনসমূহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয় । বজালী জিলা পৰিবহণ বিষয়া গুণেশ্বৰ বেজবৰুৱা-ই জনোৱা মতে, বহু ই-ৰিক্সাই মৌলিক যান-বাহন চলাচলৰ নিয়মসমূহ মানি নচলাৰ ফলত পাঠশালাৰ ৰাজপথত দুর্ঘটনাৰ আশংকা বৃদ্ধি পাইছে । বিশেষকৈ ভুল দিশেৰে চলাচল, যাত্ৰী উঠা-নমাৰ ক্ষেত্ৰত অনিয়ম আৰু অতিৰিক্ত যাত্ৰী কঢ়িয়াই নিয়াৰ দৰে কাৰ্যকলাপে সাধাৰণ পথচাৰীৰ বাবে বিপদৰ সৃষ্টি কৰিছে । অভিযানৰ সময়ত নিয়ম উলংঘা কৰা কেইবাখনো ই-ৰিক্সাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চালকসকলক সজাগতা মূলক পৰামৰ্শও প্ৰদান কৰা হয় ।

জিলা পৰিবহণ বিষয়া গৰাকীয়ে কয় যে পথ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব আৰু আগন্তুক দিনসমূহতো এনে অভিযান অব্যাহত থাকিব।লগতে বজালী জিলা পৰিবহণ বিভাগে ৰাইজ, চালক আৰু যান-বাহন মালিকসকলক পথ সুৰক্ষাৰ নিয়মসমূহ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande