শ্ৰীভূমি চহৰত শিশু অপহৰণৰ চেষ্টা, এজন যুৱক আটক, দুজন পলাতক
শ্ৰীভূমি, ১০ জুন (হি.স.)। শ্ৰীভূমি চহৰত শিশু অপহৰণৰ চেষ্টা । অভিযোগত এজন যুৱক আটক, দুজন পলাতক । শ্ৰীভূমি চহৰৰ আজাদ সাগৰ ৰোড অঞ্চলত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। সোমবাৰ ৰাতি এটা পৰিয়ালৰ সৰু শিশুটি ঘৰৰ সন্মুখত থ
শ্ৰীভূমি চহৰত শিশু অপহৰণৰ চেষ্টা, এজন যুৱক আটক, দুজন পলাতক


শ্ৰীভূমি, ১০ জুন (হি.স.)। শ্ৰীভূমি চহৰত শিশু অপহৰণৰ চেষ্টা । অভিযোগত এজন যুৱক আটক, দুজন পলাতক ।

শ্ৰীভূমি চহৰৰ আজাদ সাগৰ ৰোড অঞ্চলত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। সোমবাৰ ৰাতি এটা পৰিয়ালৰ সৰু শিশুটি ঘৰৰ সন্মুখত থিয় হৈ আছিল। অভিযোগ অনুসৰি, সেই সময়ত এজন অচিনাকি ব্যক্তিয়ে শিশুটিক চকোলেটৰ প্ৰলোভন দেখুৱাই এখন স্কুটিত উঠাই লৈ যোৱাৰ চেষ্টা কৰে। ঠিক সেই মুহূৰ্ততে শিশুটিৰ পিতৃয়ে পিছফালৰ পৰা আহি ঘটনাটো প্ৰত্যক্ষ কৰে। তেওঁ সন্দেহজনক ব্যক্তিজনৰ পৰিচয় জানিবলৈ বিচাৰিলে তেওঁৰ কথাবতৰাত বিসংগতি ধৰা পৰে।ফলত সন্দেহ অধিক ঘনীভূত হোৱাত স্থানীয় লোকসকল ঘটনাস্থলীত সমবেত হৈ ব্যক্তিজনক আটক কৰে। স্থানীয় লোকসকলৰ উদ্যোগত আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত ব্যক্তিজনক নিজৰ জিম্মাত লয়। লগতে শিশুটিক সুৰক্ষিতভাৱে পৰিয়ালৰ ওচৰলৈ ঘূৰাই দিয়া হয়। শিশুটিৰ পিতৃৰ অভিযোগ মতে যুৱকজনৰ সৈতে আৰু দুজন লোক আছিল।

আৰক্ষীয়ে প্ৰাথমিক জেৰা চলোৱাৰ পিছত তেওঁক শ্ৰীভূমি থানালৈ লৈ যায়। ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু অভিযুক্তজনৰ উদ্দেশ্য কি আছিল, সেয়া আৰক্ষীয়ে তদন্ত কৰি আছে। ঘটনাটোৰ কিছু দৃশ্য অস্পষ্টভাৱে চিচিটিভি কেমেৰাত বন্দী হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি আজাদ সাগৰ ৰোডসহ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য আৰু উদ্বেগৰ সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande