মাজুলীত বিদ্যুৎপিষ্ট হৈ থিতাতে নিহত এগৰাকী বৃদ্ধ
মাজুলীত অঘটন।
মাজুলীত বিদ্যুৎপিষ্ট হৈ থিতাতে নিহত এগৰাকী বৃদ্ধ


মাজুলী, ১০ জুন (হি.স.): মাজুলীত যোৱা কালি মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক অঘটন । বিদ্যুৎপিষ্ট হৈ থিতাতে নিহত এগৰাকী বৃদ্ধ। বিদ্যুৎপিষ্ট হৈ থিতাতে নিহত হয় ভোগেশ্বৰ বৰা নামৰ প্ৰায় ৭৫ বছৰীয়া এজন ব্যক্তি । মাজুলী নয়াবজাৰ তহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত হালধীবাৰী গাৱঁত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

জানিব পৰা মতে বিদ্যুতৰ তাঁৰ চিগি ভোগেশ্বৰ বৰা নামৰ বৃদ্ধ জনৰ গাত পৰাত বিদ্যুৎপৃষ্ট হৈ থিতাতে নিহত হয় ব্যক্তিজন । অৱশ্য়ে কি কাৰণত বিদ্যুতৰ তাঁৰ ডাল চিগি পৰিল সেই তথ্য বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । বিদ্য়ুৎ বিভাগৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। অৱশ্য়ে আৰক্ষীৰ অনুসন্ধানৰ পিছতহে সকলো কথা স্পষ্ট হৈ পৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande