
ধুবুৰী, ১০ জুন (হি.স.)। ধুবুৰীৰ আগমনি - গোলকগঞ্জ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি পাপু জ্যোতিষীৰ মৃতদেহ উদ্ধাৰ। ভাৰত বাংলাদেশ সীমান্তৰ বিন্ন্যাচৰত গংগাধৰ নৈৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো ।
যোৱা সাত জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল পাপ্পু জ্যোতিৰ্ষী। যোৱা নিশা গোলকগঞ্জ আৰক্ষীয়ে বিন্ন্যাচৰত এটা মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহৰ পকেটৰ পৰা পাপ্পু জ্যোতিৰ্ষীৰ পৰিচয় পত্ৰ উদ্ধাৰ হয়। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। এয়া আত্মহত্যা নে হত্যা সেয়া ৰহস্যৰ আৱৰ্তত।
পাপ্পু জ্যোতিষৰ ঘৰ গোলকগঞ্জৰ অসম-বংগ সীমান্তৰ ছোটগুমাত
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা