
তামুলপুৰ, ১০ জুন (হি.স.)। নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান আৰু গণিত পৰীক্ষাগাৰ উদ্বোধন
তামুলপুৰ জিলাৰ নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ সমগ্ৰ শিক্ষা অভিযান আঁচনিৰ অধিনত এটি বিজ্ঞান আৰু গণিত পৰীক্ষাগাৰ উদ্বোধন কৰে বিদ্যালয়য পৰিচালনা আৰু উন্নয়ণ সমিতিৰ সভাপতি ৰবীন্দ্ৰ কুমাৰ ডেকাই ।
২০২৫-২৬ ইং বিত্তীয় বৰ্ষৰ প্ৰয় ১৮ .৯৭ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত দুটা কোঠা যুক্ত বিজ্ঞানাগাৰটোৱে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিজ্ঞান মানসিকতা গঢ়ি তুলিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু