

মৰিগাঁও, ১০ জুন (হি.স.)। মৰিগাঁও ভূৰবন্ধাত সদৌ মৰিগাঁও আছুৰ ছাত্ৰ সংহতি দিৱস উদযাপন। অত্যধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসমত হোৱা ঐতিহাসিক খাদ্য আন্দোলনত শ্বহীদ বৰণ কৰা মৰিগাঁও জিলাৰ দুগৰাকী ছাত্ৰ ক্ৰমে পুতুল শইকীয়া আৰু গজেন ইংতিৰ সোঁৱৰণত সদৌ অসম ছাত্ৰ সন্থাই ১০ জুন তাৰিখে ছাত্ৰ সংহতি দিৱস হিচাপে উদযাপন কৰি আহিছে।
বিশেষকৈ শ্বহীদ বৰণ কৰা ছাত্ৰ দুয়োগৰাকীৰ জন্মস্থান ভূৰবন্ধাত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভূৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ছাত্ৰ সংহতি দিৱসটি উদযাপন কৰা দেখিবলৈ পোৱা যায়। পুৱা দুয়ো গৰাকী শ্বহীদৰ সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক শিৱ দাসৰ লগতে শ্বহীদৰ পৰিয়ালবৰ্গই। আনহাতে ঔগুৰি মাধ্যমিক বিদ্যালয়ত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ স্মৃতিচাৰণ সভাখনত অসম সেনা, অসম উন্নতি সভা, ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ লগতে আমন্ত্ৰিত অতিথি সকলে শ্বহীদদ্বয়ক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।
হিন্দুস্থান সমাচাৰ / Narayan Kar