মণিপুৰঃ অস্ত্ৰ-শস্ত্ৰৰ বিশাল ভঁৰাল উদ্ধাৰ, আটক দুজন উগ্ৰপন্থী
ইম্ফল, ১০ জুন (হি.স.)। মণিপুৰত অব্যাহত আছে অস্ত্ৰ জব্দ আৰু উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ ধাৰাবাহিক ঘটনা । ৰাজ্য়খনৰ চাণ্ডেল জিলাত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰে । ইম্ফল ইষ্ট আৰু টেংগনৌপাল জিলাত গ্ৰেপ্তাৰ ক
मणिपुर द्वारा बरामद हथियार एवं गोला-बारूद तथा गिरफ्तार उग्रवादियों की तस्वीर


ইম্ফল, ১০ জুন (হি.স.)। মণিপুৰত অব্যাহত আছে অস্ত্ৰ জব্দ আৰু উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ ধাৰাবাহিক ঘটনা । ৰাজ্য়খনৰ চাণ্ডেল জিলাত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰে । ইম্ফল ইষ্ট আৰু টেংগনৌপাল জিলাত গ্ৰেপ্তাৰ কৰা হৈছে দুই উগ্ৰপন্থী।

মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে আজি প্ৰকাশ কৰা আনুষ্ঠানিক তথ্য অনুসৰি, ৯ জুনত নিৰাপত্তা বাহিনীয়ে চাণ্ডেল জিলাৰ চাকপিকাৰং থানাৰ অন্তৰ্গত আইগেজাং অঞ্চলত তালাচী অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলীৰ ভাণ্ডাৰ উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে এটা ০.২২ ৰাইফল, মেগজিনযুক্ত স্থানীয়ভাৱে নিৰ্মিত ৯ এম এম পিষ্টল, ৫টা স্থানীয়ভাৱে নিৰ্মিত চিএমজি, চাৰিটা স্থানীয়ভাৱে নিৰ্মিত লেথড গান, ১.২ কেজি বিস্ফোৰক, আৰু তিনিটা বাওফেং ৰেডিঅ’ চেট।

লগতে যোৱা ৯ জুনত ইম্ফল পূৱ জিলাৰ পোৰোমপাট আৰক্ষী থানাৰ অন্তৰ্গত পোৰমপাটৰ জেএনআইএমএছৰ মূল গেটৰ সমীপৰ পৰা বিষ্ণুপুৰ জিলাৰ ৱাংগু ছাগাইং বজাৰৰ বাসিন্দা হাওবিজাম হৰিদাস সিং ওৰফে খংনাং (৪৩) নামৰ উগ্ৰপন্থী সংগঠন কেচিপি (টাইবাংগনবা)ৰ সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে।

৮ জুনত নিৰাপত্তা বাহিনীয়ে টেংগনৌপাল জিলাৰ মৰেহ থানাৰ অন্তৰ্গত সীমান্ত পোষ্ট (বি পি) ৭৬ এলেকাৰ পৰা উগ্ৰপন্থী সংগঠন কে ৱাই কে এলৰ সক্ৰিয় সদস্য খোইৰাকপাম জেমছ সিং (২৮)ক গ্ৰেপ্তাৰ কৰে।

সম্প্ৰতি আৰক্ষীয়ে পৃথক পৃথক এফআইআৰ পঞ্জীয়ন কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।

---------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande