
উখৰুল (মণিপুৰ), ১০ জুন (হি.স.)। মণিপুৰৰ উখৰুল জিলাত বিগত মাহৰ পৰা নিৰুদ্দেশ হৈ থকা ছয়জন নগা লোকৰ মৃতদেহ বুধবাৰে ব্যাপক তালাচী অভিযানৰ সময়ত উদ্ধাৰ কৰা হয়। একেটা ঘটনাৰ পৰা ১৪ জন পণবন্দীক মুকলি কৰি দিয়াৰ খবৰ ওলোৱাৰ এদিন পিছতে এই ঘটনা পোহৰলৈ আহিছে।
মণিপুৰ আৰক্ষী, অসম ৰাইফলছ আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ প্ৰায় ৪৫০ জন জোৱানে স্নিফাৰ ডগ আৰু ফৰেনছিক বিশেষজ্ঞৰ সহায়ত প্ৰায় ২৪ ঘণ্টা ধৰি অবিৰতভাৱে অনুসন্ধান অভিযান চলাইছিল। অভিযানৰ সময়ত উদ্ধাৰ হয় ৬ জন লোকৰ মৃতদেহ। সূত্ৰ অনুসৰি মৃতদেহ সমূহ অতি বিকৃত অৱস্থাত উদ্ধাৰ হোৱাৰ বাবে চিনাক্তকৰণ কঠিন হৈ পৰিছে। প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় সূত্ৰই অভিযোগ কৰিছে যে মৃত লোকসকলক নিৰ্যাতন চলোৱাৰ পিছত হত্যা কৰা হৈছিল।
যোৱা ১৩ মে’ৰ পৰা কনসাখুল নগা গাঁৱত অনুষ্ঠিত অভ্যৰ্থনা অনুষ্ঠানৰ পৰা উভতি অহা গাঁৱৰ এদল লোকক লেইলন বৈফেই গাঁৱৰ সমীপত আৱদ্ধ কৰি ৰখা বুলি জানিব পৰা গৈছে। পথত বাঁহৰ অৱৰোধ গঢ়ি পুৰুষ, মহিলা আৰু এটা শিশুকে ধৰি ১৮ জন লোকক আটক কৰা বুলি জানিব পৰা গৈছে।
পিছত আলোচনা আৰু বুজাবুজিৰ অন্তত মহিলা আৰু শিশুক মুকলি কৰি দিয়া হয়। ১৫ মে’ত কাংপকপি জিলাতো ১৪ জন পণবন্দীক মুকলি কৰি বিনিময় কৰা হৈছিল যদিও ছয়জন নগা লোকৰ হিচাপ নোহোৱাকৈয়ে ৰৈ যায়। নিহত দুজন হৈছে কেনপিবৌ, ফেনৰংভি থিউমাই, ৰেভাৰেণ্ড ডাঃ মনু থিউমাই, দিলীপ থিউমাই, কালিৱাংবৌ আবনমাই আৰু চ. ফেনৰিলুং।
উল্লেখযোগ্য যে মঙলবাৰে ইউনাইটেড নাগা কাউন্সিলে কয় যে নগা গীৰ্জা, জনজাতীয় সংগঠন, সামাজিক প্ৰতিষ্ঠান, বেপ্টিষ্ট সম্প্ৰদায়ৰ আবেদনৰ পিছতে ১৪ জন পণবন্দীক মুকলি কৰি দিয়া সম্ভৱ হৈছে। মণিপুৰ চৰকাৰে নিৰুদ্দেশ হোৱা লোকসকলৰ অনুসন্ধান তীব্ৰতৰ কৰাৰ লগতে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া বুলিও পৰিষদে উল্লেখ কৰে।
ইউএনচিৰ তথ্য অনুসৰি ৰাজ্য চৰকাৰে এই ঘটনাৰ সৈতে জড়িত সকলোকে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ আশ্বাস দিছে, চলি থকা অভিযান তীব্ৰতৰ কৰি তুলিছে, অঞ্চলটোত শান্তি আৰু নিৰাপত্তা বজাই ৰাখিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস দিছে ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া