
ইম্ফল, ১০ জুন (হি.স.)। মণিপুৰৰ মুখ্যমন্ত্রী যুমনাম খেমচান্দ সিঙে মঙলবাৰে ১৪টা কুকী পণবন্দীক নিৰাপদে মুকলি কৰি দিয়াক আদৰণি জনায় ৷ মুখ্যমন্ত্রীয়ে এই ঘটনাক ৰাজ্যত চলি থকা সংকটৰ এক ইতিবাচক আৰু মানৱীয় পদক্ষেপ বুলি অভিহিত কৰে ৷ শেহতীয়াকৈ সন্দেহযুক্ত উগ্ৰপন্থীয়ে কুকি সাধাৰণ নাগৰিকক অপহৰণ কৰাৰ ফলত ৰাজ্যখনত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছিল ।
মুখ্যমন্ত্ৰী খেমচান্দ সিঙে বন্দীসকলৰ নিৰাপদ মুক্তি নিশ্চিত কৰাত অৰিহণা যোগোৱা সকলো ব্যক্তি, দল, সংগঠনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। বিশেষকৈ বন্দীসকলক নিৰাপদ মুক্তিৰ ক্ষেত্ৰত নগা নাগৰিক সমাজৰ সংগঠনৰ ভূমিকাক তেওঁ প্ৰশংসা কৰে।
নগা সম্প্ৰদায়ৰ এই পদক্ষেপক প্ৰশংসা কৰি মুখ্যমন্ত্ৰী খেমচান্দ সিঙে কয় যে এই পদক্ষেপে মানৱতা, দায়িত্ববোধ, মানৱ জীৱনৰ প্ৰতি গভীৰ চিন্তাৰ পৰিচয় দিয়ে। তেওঁ কয় যে এনে পদক্ষেপে পাৰস্পৰিক বিশ্বাস গঢ়ি তোলাত সহায় কৰে আৰু সংকটৰ সময়ত মানৱীয় মূল্যবোধক শক্তিশালী কৰে।
সমাজৰ সকলো শ্ৰেণীৰ লোকক হিংসা সম্পূৰ্ণৰূপে ত্যাগ কৰি শান্তি আৰু স্বাভাৱিকতা ঘূৰাই অনাৰ বাবে কাম কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে চলি থকা সংকটত বহু লোক আৰু তেওঁলোকৰ পৰিয়ালে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। গতিকে আৰু অধিক লোকচান আৰু কষ্ট ৰোধ কৰিবলৈ একেলগে কাম কৰাটো অতি প্ৰয়োজনীয়।
মুখ্যমন্ত্ৰী খেমচান্দে কয় যে চৰকাৰখন ন্যায়ৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধ আৰু অবৈধ কামত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আইনখনে নিজৰ গতিপথ ল’ব আৰু ক্ষতিগ্ৰস্ত সকলোৱে ন্যায় লাভ কৰিব বুলি তেওঁ আশ্বাস দিয়ে।
---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ