শ্ৰীভূমিৰ ৰামকৃষ্ণনগৰত প্ৰেমিকৰ দাৰ কোৱত তিনি সন্তানৰ জননীৰ মৃত্যু
শ্ৰীভূমি, ১০ জুন (হি.স.)। শ্ৰীভূমিৰ ৰামকৃষ্ণনগৰত প্ৰেমিকৰ দাৰ কোৱত তিনি সন্তানৰ জননীৰ মৃত্যু। প্ৰেমজনিত বিবাদৰ ফলত আক্ৰমণৰ অভিযোগ । শিয়ালদাহগামী ৰেলৰ পৰা লামডিংত অভিযুক্ত গ্ৰেপ্তাৰ। মহিলাৰ ওপৰত সংঘটিত নৃশংস আক্ৰমণৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল
শ্ৰীভূমিৰ ৰামকৃষ্ণনগৰত প্ৰেমিকৰ দাৰ কোৱত তিনি সন্তানৰ জননীৰ মৃত্যু


শ্ৰীভূমি, ১০ জুন (হি.স.)। শ্ৰীভূমিৰ ৰামকৃষ্ণনগৰত প্ৰেমিকৰ দাৰ কোৱত তিনি সন্তানৰ জননীৰ মৃত্যু। প্ৰেমজনিত বিবাদৰ ফলত আক্ৰমণৰ অভিযোগ । শিয়ালদাহগামী ৰেলৰ পৰা লামডিংত অভিযুক্ত গ্ৰেপ্তাৰ। মহিলাৰ ওপৰত সংঘটিত নৃশংস আক্ৰমণৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰামকৃষ্ণনগৰৰ গামাৰিয়াত ।

শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণনগৰ থানাৰ অন্তৰ্গত গামাৰিয়া অঞ্চলত পৰকীয়া সম্পৰ্কৰ জেৰ ধৰি এগৰাকী তিনিটা সন্তানৰ মাতৃ ৰোশনা বেগমক দাৰে কোৱাই হত্যা কৰাৰ অভিযোগ উঠিছে তেওঁৰ প্ৰেমিক এবাদ উদ্দিন লস্কৰৰ বিৰুদ্ধে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ৰোশনা বেগমৰ স্বামী কৰ্মসূত্ৰে দীৰ্ঘদিন ধৰি বেংগালুৰুত বাস কৰি আছে। কেইমাহ পূৰ্বে দুয়োৰ মাজত বিচ্ছেদ হোৱাত ৰোশনা পিতৃগৃহত আছিল। সেই সময়ছোৱাত আগলাপুৰ বাসিন্দা এবাদ উদ্দিন লস্কৰৰ সৈতে ৰোশনা বেগমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল বুলি অভিযোগ উত্থাপন হৈছে।অভিযোগ অনুসৰি, এদিন পূৰ্বে মহিলাগৰাকীক লগত পলাই যাবলৈ প্ৰস্তাৱ দিছিল অভিযুক্তই। প্ৰস্তাৱ নাকচ কৰাত তেওঁক ঘৰৰ পৰা টানি আনি চুখা অস্ত্ৰৰে আক্ৰমণ কৰে। গুৰুতৰভাৱে আহত অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।

ঘটনাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি আগৰতলা–শিয়ালদহগামী কাঞ্চনজঙ্ঘা এক্সপ্ৰেছত পলায়ন কৰাৰ সময়ত লামডিং ৰেলৱে ষ্টেচনৰ পৰা অভিযুক্তক আটক কৰে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande