
নতুন দিল্লী, ১০ জুন (হি.স.)। একেৰাহে নিৰ্বাচিত কাৰ্যকালৰ ভিত্তিত দেশৰ সৰ্বাধিক দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সন্মান জনাই কেন্দ্ৰীয় কেবিনেটে এক বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰে। এই সাফল্যৰ বাবে মন্ত্ৰী পৰিষদে প্ৰধানমন্ত্ৰী মোডীক অভিনন্দন জনোৱাৰ লগতে ষ্টেণ্ডিং অভেচনেৰে তেওঁক সম্বৰ্ধনা জনায়।
বৈঠকত মন্ত্ৰী পৰিষদৰ সকলো সদস্যই প্ৰধানমন্ত্ৰী মোডীক শ্ৰদ্ধা প্ৰকাশ কৰাৰ লগতে ষ্টেণ্ডিং অভেচনেৰে অভিনন্দন জনায়। কেবিনেট সদস্যসকলে কয় যে এই সাফল্যই দেশৰ জনসাধাৰণৰ অবিৰত বিশ্বাস আৰু গণতান্ত্ৰিক মূল্যবোধৰ শক্তিৰ প্ৰতীক। কেবিনেটে আস্থা প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ভাৰতে অনাগত বছৰবোৰত উন্নয়ন, উদ্ভাৱন আৰু সমৃদ্ধিৰ নতুন উচ্চতা লাভ কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া