
ওদালগুৰি, ১০ জুন (হি.স.)। কলাইগাঁও অঞ্চলৰ মেকেঞ্জি পথ দীঘলীয়া সময় ধৰি মেৰামতিৰ অভাৱত পথটো পৰিণত হৈছে এক বিপদসংকুল পথলৈ। ইয়াৰ মাজতে গধুৰ যান-বাহনৰ অবাধ চলাচলে অধিক জটিল কৰি তুলিছে পৰিস্থিতি। স্থানীয় ৰাইজে বন বিভাগ, পৰিবহণ বিভাগ, আৰক্ষী বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে উদাসীনতাৰ অভিযোগ উত্থাপন কৰিছে।এই দৃশ্য কলাইগাঁও অঞ্চলৰ মেকেঞ্জি পথৰ। পথটোৰ বিভিন্ন স্থানত সৃষ্টি হোৱা বৃহৎ গাত আৰু ভগ্নদশাই প্ৰতিদিনে যাতায়ত কৰা লোকসকলক ভোগান্তিত পেলাইছে। বিশেষকৈ দুচকীয়া আৰু চাৰিচকীয়া বাহন চলোৱাসকলক সন্মুখীন হ’বলগীয়া হৈছে বিপদৰ।
উল্লেখ্য যে, যোৱা কেইমাহ পূৰ্বে ওদালগুৰি জিলা প্ৰশাসনে স্কুলীয়া সময়ত গধুৰ যান-বাহনৰ চলাচল অনিৰ্দিষ্ট কাললৈ নিষিদ্ধ কৰি জাননী জাৰি কৰিছিল। কিন্তু অভিযোগ অনুসৰি, সেই জাননীক সম্পূৰ্ণ অৱজ্ঞা কৰি এতিয়াও গধুৰ যান-বাহনসমূহে এই পথৰে চলাচল অব্যাহত ৰাখিছে।স্থানীয় লোকসকলে অভিযোগ কৰিছে যে, চৰকাৰ ব্যৰ্থ, বিভাগীয় কৰ্তৃপক্ষও নিমাত আনহাতে, এই সমগ্ৰ ঘটনাৰ আঁৰত বৃহৎ ছিণ্ডিকেট চলি থকাৰো সন্দেহ প্ৰকাশ একাংশ কৰিছে ৰাইজে।সাধাৰণ পথচাৰী
“আমি বহুদিন ধৰি এই পথটোৰ বৃহৎ গাতসমূহ মেৰামতিৰ দাবী জনাই আহিছোঁ। কিন্তু লোক নিৰ্মাণ বিভাগে এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ চলাচলত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।”দীৰ্ঘদিন ধৰি সমস্যাগ্ৰস্ত হৈ থকা মেকেঞ্জি পথৰ অৱস্থা কেতিয়া সলনি হ’ব, সেয়াই এতিয়া স্থানীয় ৰাইজৰ মূল প্ৰশ্ন। অভিযোগৰ আঙুলি উত্থাপিত হোৱা বিভাগসমূহৰ ওপৰত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া আগন্তুক দিনত লক্ষ্যণীয় হ’ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ