গোলকগঞ্জ ডাক ঘৰৰ কৰ্মচাৰী নিখোজ
গোলকগঞ্জত সংঘটিত চাঞ্চল্যকৰ ঘটনা।
গোলকগঞ্জ ডাক ঘৰৰ কৰ্মচাৰী নিখোজ


ধুবুৰী, ১০ জুন (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । গোলকগঞ্জ ডাক ঘৰৰ কৰ্মচাৰী বৰুণ দাস নামৰ লোকজন নিৰুদ্দেশ হৈ পৰিছে। যোৱাকালি মঙলবাৰৰ ৰাতিপুৱাৰ পৰাই নিৰুদ্দেশ হৈ আছিল বৰুন দাস নামৰ ব্যক্তিজন।

ইফালে পিছত পৰিয়ালৰ লোকে গোলকগঞ্জ থানাত নিৰুদ্দেশৰ জাননী দিয়ে । কিন্তু আজি ৰাতিপুৱা গোলকগঞ্জৰ পূৱ গাইখোৱাৰ গংগাধৰ নৈৰ পাৰত ব্যক্তিজনৰ চেণ্ডেল বিচাৰি পোৱা যায়। বৰুন দাস নামৰ ব্যক্তিজন গংগাধৰ নৈত জপিয়াই দিয়া বুলি সন্দেহ কৰা হৈছে । এই খৱৰ গোলকগঞ্জ আৰক্ষীক জনোৱাত গোলকগঞ্জ আৰক্ষীয়ে এছডিআৰএফ বাহিনীৰ জড়িয়তে গংগাধৰ নৈত বৰুণ দাসক বিচাৰি অভিযান আৰম্ভ কৰিছে । অৱশ্য়ে লোকজনে কিয় এনে কাণ্ড সংঘটিত কৰিলে সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande