
নগাঁও, ১০ জুন (হি.স.)। কলিয়াবৰত পুনৰ বাঘৰ আতংক।
শিলঘাটৰ কলিয়াবৰ চাহ বাগিচাৰ দুই নম্বৰ আৰু তিনি নম্বৰ লাইনৰ মাজৰ নগা পথাৰত ঢেঁকীয়াপতীয়া বাঘে নিধন কৰিলে এজনী গাই গৰু। চাহ বাগিচাৰ গো-পালকে গৰু চৰাই থকা অৱস্থাতে গো-পালকৰ চকুৰ সন্মুখতে বাঘে নিধন কৰে এজনী গাই। গো-পালক আৰু বনবিভাগেবদুটাকৈ ঢেঁকীয়াপতীয়া বাঘৰ বিচৰণ প্ৰত্যক্ষ কৰে অঞ্চলটোত। বাঘ দুটা পুনৰ সংৰক্ষিৰ বনাঞ্চলৰ ভিতৰলৈ প্ৰৱেশ কৰে যদিও শিলঘাট খণ্ড বন বিভাগৰ লোক উপস্থিত হৈ পহৰাৰ ব্যৱস্থা কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা