
গোলাঘাট, ১০ জুন (হি.স.)। দেৰগাঁৱৰ সমীপৱৰ্তী বুঢ়া গাঁৱত ভয়ঙ্কৰ দুৰ্ঘটনা । থিতাতে নিহত হয় মোস্তাফা কোৰেইচি নামৰ এগৰাকী ব্যক্তি। কুৰালগুৰিৰ দিশৰ পৰা নাহৰনিৰ দিশলৈ তীব্ৰ গতিত আহি থকা এ এছ ০৩ এ জি ৮২৫০ নম্বৰৰ এখন মাৰুতি এল্ট বাহন খনে পথৰ ওপৰেদি পত্নীৰ সৈতে খোজকাঢ়ি আহি থকা অৱস্থাত মোস্তাফা কোৰেইচি নামৰ ব্যক্তিজনক পাছফালৰ পৰা খুন্দা মাৰি প্ৰায় পাঁচশ মিটাৰ দুৰত্ব চোঁচৰাই আনে।
এই খুন্দা ইমানেই প্ৰচণ্ড আছিল যে খুন্দা মৰাৰ পাছত ব্যক্তিজন প্ৰথমে গাড়ীখনৰ ওপৰত পৰি পাছত ওপৰৰ পৰা সন্মুখৰ গ্লাছ ভাঙি গাড়ীৰ ভিতৰলৈ সোমায় পৰে । থিতাতে নিহত হয় লোকজন । তাৰ পাছতেই চালকজন দৌৰি কাষতে থকা এটা ঘৰত সোমায় পৰে । অঞ্চলটোৰ এগৰাকী অগ্ৰণী ক্ৰীড়া সংগঠকৰ এনে আকস্মিক মৃত্যুত উত্তেজিত হৈ পৰে অঞ্চলটোৰ ৰাইজ । মুহূৰ্তৰ ভিতৰতে লোকাৰণ্য হৈ পৰে দুৰ্ঘটনাস্থলী । আগুৰি ধৰে চালকজন সোমায় থকা বাসগৃহটো । অৱশ্যে বহু চেষ্টাৰ অন্তত দেৰগাঁও আৰক্ষীয়ে চি আৰ পি এফৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় চালকজনক৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা