
নগাঁও, ১০ জুন (হি.স.)। কামপুৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত পুনৰ চলিব উচ্ছেদ অভিযানৰ ৷ উচ্চতম ন্যায়লয়ে প্ৰদান কৰিলে উচ্ছেদৰ ৰায়দান ৷ ৰাজ্যৰ চাৰিখনকৈ সংৰক্ষিত বনাঞ্চলত পুনৰ চলিব প্ৰশাসনৰ হাতুৰা ৷
লুটুমাৰী সংৰক্ষিত বনাঞ্চলখনত ১৭০০ পৰিয়ালে ৫৯৬২ বিঘা ভূমি বেদখল কৰি গাঁও সাজি বসবাস কৰি আছিল যদিও বিগত ৬ মাহ পূৰ্বে ১২০০ পৰিয়ালক কৰা হ'ল উচ্ছেদ, বাকী সমূহ লোকে দ্বাৰস্থ হৈছিল উচ্চতম ন্যায়লয়ৰ ৷ অৱশেষত উচ্চতম ন্যায়লয়ে বনাঞ্চলৰ ভূমি এৰি দিবলৈ ৩০ দিনৰ সময়সীমা বান্ধি দি প্ৰদান কৰিলে উচ্ছেদৰ ৰায়দান ৷ এইবাৰ নগাঁও জিলাৰ লুটুমাৰী আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত চলিব প্ৰশাসনৰ হাতুৰা ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা