
হোজাই, ১০ জুন (হি.স.)।
হোজাইৰ বিধায়ক শিলাদিত্য দেৱক মন্ত্ৰিত্ব প্ৰদানৰ দাবী বাঙালী পৰিষদ অসমৰ নেতৃত্বৰ ।
বিজেপি চৰকাৰৰ দিনত
ব্ৰহ্মপুত্ৰ উপত্যকাত হিন্দু বাঙালী প্ৰতিনিধিয়ে মন্ত্ৰীত্ব নোপোৱাত বহু সমস্যাৰ সন্মুখীন হৈ আহিছে হিন্দু বাঙালী সকলে।
বুধবাৰে সমগ্ৰ ৰাজ্যত বাঙালী পৰিষদ অসম ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে সংবাদমেল আয়োজন কৰাৰ সমান্তৰালভাৱে জাগীৰোডতো এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে বাঙালী পৰিষদ অসমৰ নেতৃত্বই । সংবাদমেলত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰায় ৪৫ লাখ হিন্দু বাঙালী ভোটাৰ থকাৰ পিছতো মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাত কিয় এজনো হিন্দু বাঙালীয়ে মন্ত্ৰীত্ব লাভ কৰা নাই বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীক। সেয়ে হিন্দু বাঙালী সকলৰ হৈ মাত মতা হোজাইৰ বিধায়ক শিলাদিত্য দেৱক মন্ত্ৰীত্ব প্ৰদানৰ বাবে আহ্বান জনাই বাঙালী পৰিষদ অসমৰ ৰাজ্যিক সম্পাদক ইন্দ্ৰজিৎ দাস আৰু বাঙালী পৰিষদ অসম মৰিগাঁও জিলা সমিতিৰ। ্য
হিন্দুস্থান সমাচাৰ / Narayan Kar