
শোণিতপুৰ, ১০ জুন (হি.স.)। যি সময়ত ধৰ্মৰ নামত জঘন্য ৰাজনীতি ,বিহাৰী অসমীয়ক লৈ উত্তাল পৰিবেশ ৰাজ্যত তাৰমাজতে শোণিতপুৰ জিলাৰ মিছামাৰীত মানৱতাৰ অনন্য নিদৰ্শন৷
শোণিতপুৰ জিলাৰ মিছামাৰিৰ জীয়াগাভৰু নৈৰ পাৰত থকা এটি জিৰণি চৰা৷ এই জিৰণি চৰাটোতে বহুদিন ধৰি অনাহাৰে , অনিদ্ৰাই জীৱন যুজত ককবকাই পৰি আছে জীৰ্ণশীৰ্ণ শৰীৰে এজন বৃদ্ধ৷ প্ৰায় তিনি মাহ ধৰি কঁকাল ভঙা অৱস্থাত পৰি থকা এই ব্যক্তিজনৰ কাষত থিয় দিছিল ছয়জন যুৱকে।
এই যুৱক কেইজন হ’ল
জুবেৰ আহমেদ, ইচাক আলী, জাহিদুল হুছেইন, ইব্ৰাহিম আলী, আফতাব হুছেইন আৰু ৰবাৰ্ট আইন্দ৷ এই যুৱকসকলে দিনে-নিশাই বৃদ্ধজনৰ খোৱা-বোৱা, চাফ-চিকুণ কৰা আদি সকলো দায়িত্ব নিজে বহন কৰি আহিছে৷
স্থানীয় লোকসকলৰ মতে, যেতিয়া বহুতে অসহায় বৃদ্ধজনক উপেক্ষা কৰিছিল, তেতিয়া এই ছয়জন যুৱকে কোনো জাতি, ধৰ্ম বা সম্প্ৰদায়ৰ ভেদাভেদ নকৰি মানৱতাৰ স্বাৰ্থত আগবাঢ়ি আহিছিল৷
ইফালে, নিশা অহা প্ৰৱল ধুমুহা বৰষুনৰ মাজত বৃদ্ধজন তিতি বুৰি ককবকাই আছিল৷পৰিণতিত পুৱা হঠাৎ বৃদ্ধজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত যুৱকসকলে তৎক্ষণাত এম্বুলেন্সৰ ব্যৱস্থা কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ৰঙাপৰা চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়ত চিকিৎসক নথকাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷
এইসকল যুৱকে বিগত দিনসমুহত বৃদ্ধজনক সহায়ৰ হাত আগবঢ়াই আহিছে নিজাকৈ৷ এতিয়া বৃদ্ধজনক চিকিৎসাৰ বাবে হয়তো প্ৰয়োজন হব ধনৰ৷ তাৰবাবে সকলোৰে প্ৰতি আহ্বান যুৱ সকলৰ৷
ধৰ্মৰ উৰ্দ্ধত থাকি মানৱতাৰ নিদৰ্শন এই ছয় যুৱকৰ এইগৰাকী চাহ আদিবাসী বৃদ্ধৰ প্ৰতি৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা