

মৰিগাঁও, ১০ জুন (হি.স.)। ছেটেলাইট টাউনশ্বীপ স্থাপনৰ বিৰোধিতাৰে আজি পুনৰ উত্তপ্ত হৈ পৰে জাগীৰোডৰ সিন্ধিশৰ ৷ স্থানীয় ৰাইজ আৰু মহিলাই ঘেৰাও কৰে অজয় পাটৰ আৰু দিপাংকৰ মাছলাইৰ বাসগৃহ ৷ একাংশ উত্তেজিত লোকে শিল, ইটা দলিয়াই লণ্ডভণ্ড কৰে বাসগৃহৰ আচবাব ৷ একাংশ লোকক দৌৰাই দৌৰাই খেদি পঠিয়াই উত্তেজিত লোকে ৷
ঘৰৰ ভিতৰতে আত্মগোপন কৰি উত্তেজিত ৰাইজৰ ৰোষৰ পৰা ৰক্ষা পৰে অজয় পাটৰ নামৰ লোকজন ৷ ঘটনাস্থলীত জাগীৰোড আৰক্ষী আৰু সমজিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ উল্লেখ্য যে, অজয় পাটৰ আৰু দিপাংকৰ মাছলাইয়ে সিন্ধিশৰৰ ৰাইজক অন্ধকাৰত ৰাখি চৰকাৰী পক্ষক সমৰ্থন কৰি অহাৰ অভিযোগ ৷ চৰকাৰ আৰু প্ৰশাসনৰ সৈতে গোপন বুজাবুজিৰে ৰাইজ আৰু বিভিন্ন দল-সংগঠনক বিপথে পৰিচালিত কৰাৰ আভিযোগ দুয়োৰে বিৰুদ্ধে ৷ খিলঞ্জীয়া লোকৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন অব্যিহত ৰখাৰ সময়ত চৰকাৰী পক্ষক সমৰ্থন কৰিলে আগন্তুক দিনত পৰিৱেশ অধিক অৱনতি হ’ব বুলি সকিয়নী প্ৰদান কৰে উত্তেজিত মহিলাই ৷
হিন্দুস্থান সমাচাৰ / Narayan Kar