গহপুৰত এটা স্বাস্থ্য কেন্দ্ৰত নাই এজনো চিকিৎসক
বিশ্বনাথ, ১০ জুন (হি.স.)। গহপুৰত আছে এটা সুন্দৰ স্বাস্থ্য কেন্দ্ৰ । কিন্তু নাই চিকিৎসক, নাই পৰ্যাপ্ত নাৰ্ছ,নাই ঔষধৰ যোগান৷ গহপুৰৰ ১ নং গজেন পথাৰত থকা স্বাস্থ্য কেন্দ্ৰটোত আৰম্ভণিৰ দিনৰ পৰা আজিলৈকে বিভাগীয় কৰ্তৃপক্ষই নিযুক্তি নিদিলে এজনো চিকিৎসক ।

মাত্ৰ এগৰাকী এন এন এম নাৰ্ছ আছে প্ৰয়োজন কেইবা গৰাকীৰ নাৰ্ছৰ । ঔষধ যোগানৰ কোনো ব্যৱস্থা নাই । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত এবছৰো অধিক দিন অতিক্ৰম কৰিলে যদিও এটা ভিতৰুৱা অঞ্চলত অৱস্থিত স্বাস্থ্য কেন্দ্ৰটোৰ পৰা বৰ্তমানলৈকে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ প্ৰকৃত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছে । অন্যহাতে স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্যত জড়িত ঠিকাদাৰে কিছু কাম আধৰুৱা কৰি এৰি থৈ যোৱাৰ ৰাইজে অভিযোগ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

 rajesh pande