
বাক্সা, ১০ জুন (হি.স.)। গোৰেশ্বৰৰ এটা বিধ্বস্ত পথে উদঙাইছে বিকশিত অসমৰ উন্নত যাতায়াত ব্যৱস্থাৰ ফোপোলা স্বৰূপ।
গাছবাৰীৰ পৰা গুৰমৌ হৈ ৰঙিয়া সংযোগ কৰা এই পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাত জৰাজীৰ্ণ হৈ পৰিছে ।
পথটোৰ গাছবাৰীৰ পৰা গুৰমৌৰ মাজৰ লোক্ৰাবৰনগৰকে ধৰি বিভিন্ন অংশত খিল বালি এৰাই যোৱাত প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছে।
ফলত এজাক বৰষুণতে এই পথটোৰ গাতসমূহ বোকা পানীৰে উপচি পৰাত স্কুল,কলেজৰ ছাত্ৰ -ছাত্ৰীকে ধৰি বিভিন্ন কৰ্মক্ষেত্ৰলৈ যাতায়াত কৰা লোকসকল চৰম দুৰ্ভোগ ভুগিব লগা হৈছে।
লোক্ৰাবৰনগৰৰ জৰাজীৰ্ণ অংশটো কিছুদিন আগলৈকে কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল আৰু স্থানীয় ৰাইজে বিধায়ক দিগন্ত কলিতাক পথটো মেৰামতি কৰিবলৈ কেইবাবাৰো আবেদন জনাইছিল।
কিন্তু বিধায়ক কলিতাই প্ৰতিশ্ৰুতি দিয়ো পথটো মেৰামতি নকৰি প্ৰতাৰণা কৰা বুলি লোক্ৰাবৰনগৰৰ ৰাইজে অভিযোগ কৰে।
সমষ্টি পুণৰনিৰ্ধাৰণৰ ফলত পথটোৰ লোক্ৰাবৰনগৰৰ পৰা গুৰমৌলৈকে গোৰেশ্বৰ বিধানসভা সমষ্টিৰ ভিতৰত পৰাত স্থানীয় ৰাইজে শীঘ্ৰে শোচনীয় হৈ পৰা পথটো মেৰামতিৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাস আৰু বিটিচিৰ গোৰেশ্বৰ সমষ্টিৰ পাৰিষদ মহেশ্বৰ বসুমতাৰীক আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা