ডিফুত বিশ্বকাপ ফুটবলৰ প্ৰতি ফুটবলপ্ৰেমীৰ উচাহ
কাৰ্বি আংলং, ১০ জুন (হি.স.)। বিশ্বকাপ ফুটবল মহাৰণৰ মাজত মাথো কেইটামান ঘণ্টা। ফিফা বিশ্বকাপ ফুটবল মহাৰণৰ বাবে সাজু বিশ্ববাসী। কাৰ্বি আংলং জিলাৰ সদৰ ডিফুতো দেখা গৈছে বিশ্বকাপ ফুটবলৰ প্ৰতি ফুটবলপ্ৰেমীৰ উচাহ। বিশেষকৈ ডিফুৰ পুলিচ ৰিজাৰ্ভৰ নিবাসী পুতু
ডিফুত বিশ্বকাপ ফুটবলৰ প্ৰতি ফুটবলপ্ৰেমীৰ উচাহ


কাৰ্বি আংলং, ১০ জুন (হি.স.)। বিশ্বকাপ ফুটবল মহাৰণৰ মাজত মাথো কেইটামান ঘণ্টা।

ফিফা বিশ্বকাপ ফুটবল মহাৰণৰ বাবে সাজু বিশ্ববাসী। কাৰ্বি আংলং জিলাৰ সদৰ ডিফুতো দেখা গৈছে বিশ্বকাপ ফুটবলৰ প্ৰতি ফুটবলপ্ৰেমীৰ উচাহ।

বিশেষকৈ ডিফুৰ পুলিচ ৰিজাৰ্ভৰ নিবাসী পুতুল বৰাৰ বাসগৃহৰ চৌহদখনক মিনি ষ্টেডিয়ামৰূপে আটক ধুনীয়াকৈ সাজি উলিওৱা হৈছে জাৰ্মান ষ্টেডিয়াম।

বিশ্বকাপ ফুটবলৰ উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ১১ জুনৰ সন্ধিয়া পুতুল বৰাৰ বাসগৃহত সাজি উলিওৱা ষ্টেডিয়ামখন উদ্বোধন কৰিব ভাৰতীয় জাতীয় দলৰ প্ৰাক্তন খেলুৱৈ স্বাধীন ডেকাৰজাই।

জাৰ্মান জাতীয় ফুটবল দলৰ ঘোৰ সমৰ্থক পুতুল বৰাই ফিফা'ৰ প্রতিবাৰৰ ফুটবল বিশ্বকাপতে বন্ধুবৰ্গ তথা ডিফুৰ ফুটবল বলীয়াসকলক খেল উপভোগ কৰাৰ সুন্দৰ ব্যৱস্থা কৰি দিয়ে।

আনফালে চৰকাৰৰ মনোযোগহীনতা আৰু আন্তগাথনীৰ অভাৱত পৃথিৱীৰ শক্তিশালী দেশ হিচাপে পৰিচিত ভাৰত এইবাৰো বিশ্বকাপ ফুটবল মহাৰণত স্থান নপোয়াত জিলাখনৰ অনুৰাগিসকলে প্ৰথম খৱৰ জৰিয়তে উদ্বেগ প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande