
কোকৰাঝাৰ, ১০ জুন (হি.স.)। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ছেৰফাংৰী গাঁৱত সামান্য এটা বিষয়ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কাজিয়াই প্ৰচণ্ড মাৰপিটৰ ৰূপ লোৱাত গাঁৱৰ ৰাইজৰ মাজত আতংকৰ পৰিৱেশ বিৰাজ কৰিছে।ঘটনাৰ বিষয়ে গোসাঁইগাঁও থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে কালি সন্ধিয়াৰ ভাগত চাহৰ দোকানত থকা বাকী পইচা বিচৰাক কেন্দ্ৰ কৰি দুজনৰ মাজত তৰ্ক বিতৰ্ক হৈ থকা সময়ত উক্ত ঘটনাৰ সৈতে কোনো সম্পৰ্ক নথকা সত্বেও ইলিয়াছ যি সম্পৰ্কত এলেকাৰ প্ৰভাৱশালী ব্যক্তি ৰফিকুল ইছলামৰ ভাগিন।
উক্ত ঘটনাৰ লগত জড়িত গোসাঁইগাঁও থানাৰ অক্সিগুৰী গাঁৱৰ বাসিন্দা তথা ৰফিকুল ইছলামৰ সম্পৰ্কীয় ভাগিনদ্বয় ৰাহিজুল শ্বেখ আৰু ইলিয়াছ শ্বেখৰ লগতে নাছিৰ আলী,মহিদুল শ্বেখ,ছহিদুল আলী,জমেৰ আলী,আকিৰুল শ্বেখ নামৰ যুৱক জনৰ বিৰুদ্ধে আজি পুৱা গোসাঁইগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছে।ভুক্তভোগীৰ পিতৃ খালেক আলীয়ে দাখিল কৰা উক্ত এজাহাৰত ৰফিকুলৰ নাম আচামীৰ তালিকাত উল্লেখ কৰা নাই যদিও ৰফিকুল নিজে ঘটনাস্থলীত উপস্থিত থাকি তেঁওৰ মমিনুৰ আলী আৰু গৰ্ভৱতী জীয়ৰী খাদিজা খাতুনক মাৰিবলৈ নিৰ্দেশ দিছিল বুলি এজাহাৰত উল্লেখ কৰিছে।প্ৰচন্ড মাৰপিটৰ ঘটনাৰ খবৰ পাই আহত দুগৰাকীৰ পিতৃ খালেক আলী আৰক্ষীৰ সহায় বিচাৰি গোসাঁইগাঁও আৰক্ষীক অনুৰোধ কৰাত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আহত দুয়োকে গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত আনি ভৰ্তি কৰে যদিও দুয়োজনৰ অৱস্থা সংকটজনক হোৱাত নিশাৰ ভিতৰতে উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত লৈ যোৱা হয়।গৰ্ভৱতী মহিলাগৰাকী এতিয়াও সংকটমুক্ত হোৱা নাই বুলি পিতৃয়ে প্ৰকাশ কৰে।এই ঘটনাৰ মূল খলনায়ক জনেই হৈছে ৰফিকুল ইছলাম বুলি তেঁও কয়।ৰফিকুল ইছলাম নিজৰ বাহিনী লৈ দীৰ্ঘদিন ধৰি নিৰীহ দৰিদ্ৰ মানুহৰ ওপৰত অত্যাচাৰ চলাই আছে বুলিও ভুক্তভোগীৰ অভিযোগ। ঘটনাৰ তদন্ত কৰি ৰফিকুল বাহিনীৰ পৰা ২ নং ছেৰফাংগুৰী গাঁৱৰ নিৰীহ জনসাধাৰণক ৰক্ষা কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনায় খালেক শ্বেখে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ