বদৰপুৰ ৰে'ল ষ্টেচনত ২৭৯ গ্ৰাম হেৰ'ইনসহ এজন আটক
শ্ৰীভূমি, ১০ জুন (হি.স.)। বদৰপুৰ ৰে''ল ষ্টেচনত ২৭৯ গ্ৰাম হেৰ''ইনসহ এজন আটক, জেৰা চলাই লাভ চাঞ্চল্যকৰ তথ্য মঙলবাৰে গভীৰ নিশা বদৰপুৰ ৰে''লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ সন্দেহজনক ব্ৰাউন ছুগাৰ (হেৰ''ইন)সহ এজন লোকক আটক কৰে বদৰপুৰ জিআৰপি আৰক্ষীয়ে। আৰক
বদৰপুৰ ৰে'ল ষ্টেচনত ২৭৯ গ্ৰাম হেৰ'ইনসহ এজন আটক


শ্ৰীভূমি, ১০ জুন (হি.স.)। বদৰপুৰ ৰে'ল ষ্টেচনত ২৭৯ গ্ৰাম হেৰ'ইনসহ এজন আটক, জেৰা চলাই লাভ চাঞ্চল্যকৰ তথ্য

মঙলবাৰে গভীৰ নিশা বদৰপুৰ ৰে'লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ সন্দেহজনক ব্ৰাউন ছুগাৰ (হেৰ'ইন)সহ এজন লোকক আটক কৰে বদৰপুৰ জিআৰপি আৰক্ষীয়ে।

আৰক্ষী সূত্ৰে জনোৱা মতে যোৱা নিশা ছাইৰাং-গুৱাহাটী এক্সপ্ৰেছ ৰে'ল ষ্টেচনত প্ৰৱেশ কৰাৰ সময়ত ১ নম্বৰ প্লেটফৰ্মত এজন ব্যক্তিক সন্দেহজনক

ঘূৰি ফুৰিছিল।

আৰক্ষী দলক দেখি তেওঁ পলায়নৰ চেষ্টা চলায় যদিও স্থানীয় লোকৰ সহায়ত আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়।

পাছত তেওঁৰ লগত থকা বেগখন তল্লাশি চলাই ২২টা চাবোনৰ কৌটাৰ ভিতৰত লুকুৱাই ৰখা সন্দেহজনক ব্ৰাউন ছুগাৰ উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা মাদকদ্ৰব্যৰ মুঠ ওজন ২৭৯.২১ গ্ৰাম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আটকাধীন ব্যক্তিজনৰ নাম মহম্মদ তাজ উদ্দিন (৪১)। তেওঁ শ্ৰীভূমি জিলাৰ নিলামবজাৰ থানাৰ অন্তৰ্গত মালিয়া গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

আনহাতে এনডিপিএছ আইনৰ সকলো প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পন্ন কৰি মাদকদ্ৰব্যখিনি জব্দ কৰা হৈছে। ঘটনাৰ সৈতে জড়িত ব্যক্তিজনৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বদৰপুৰ ৰে'ল আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande