
গুৱাহাটী, ১০ জুন (হি.স.)। কেনে চলিছে ডিমৰীয়াৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহ।
সুন্দৰ আন্তঃগাঁথনিৰে চালে চকুৰোৱা আদৰ্শ অংগনবাড়ী কেন্দ্ৰত নাই বিদ্যুৎ সংযোগ।
প্ৰচণ্ড গৰমত বিচনীৰ বা লৈ পাঠ গ্ৰহণ কৰিছে দেশৰ ভৱিষ্যতে।
বিগত এটা বছৰ ধৰি ক্ষেত্ৰীৰ শংকৰগোগ আদৰ্শ অংগনবাড়ী কেন্দ্ৰকে ধৰি ডিমৰীয়াৰ প্ৰায়সমূহ অংগনবাড়ী কেন্দ্ৰতে নাই বিদ্যুতৰ সংযোগ।
বিভাগীয় ভাৱে বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে বন্ধ হৈ আছে বিদ্যুৎ সংযোগ ব্যৱস্থা।
যাৰ ফলত কণ কণ শিশুসকল বঞ্চিত হৈছে বিশুদ্ধ খোৱাপানীকে ধৰি অন্যান্য সা-সুবিধাৰ পৰা।
গৰমৰ প্ৰভাৱত বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰো আশংকা ব্যক্ত কৰিছে অভিভাৱকসকলে।
আনহাতে বান্দৰৰ উপদ্ৰৱত ভাঙি গৈছে নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা গৃহৰ চিলিঙকে ধৰি অন্যান্য সামগ্ৰী।
শীঘ্ৰেই ডিমৰীয়াৰ নৱ নিৰ্বাচিত বিধায়কগৰাকীৰ লগতে শিশু প্ৰকল্প উন্নয়ণ বিষয়াক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা